পুনৰ ক’ভিদৰ সংক্ৰমণে উদ্বিগ্ন কৰিছে চৌপাশ। এইবাৰ পশ্চিম বংগত ধৰা পৰিছে চীনত শেহতীয়াকৈ বৃদ্ধি পোৱা অ’মিক্ৰনৰ চাবভেৰিয়েণ্ট বি এফ ৭ৰ সংক্ৰমিত ৪ গৰাকী ৰোগী। পশ্চিম বংগৰ স্বাস্থ্য বিভাগে সদৰী কৰিছে এই তথ্য।
শেহতীয়াকৈ আমেৰিকাৰ পৰা উভতি অহা ব্যক্তি ৪ গৰাকীৰ জিন’ম ছিকুৱেন্সিঙত ক’ৰ’ণা ভাইৰাছৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে বুলি স্বাস্থ্য বিভাগে কয়। অৱশ্যে চাৰিওগৰাকী ৰোগীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি এগৰাকী বিষয়াই লগতে সদৰী কৰিছে।
প্ৰাপ্ত বাতৰি অনুসৰি, চাৰিগৰাকী লোকৰ ভিতৰত ৩ গৰাকী নাদিয়া জিলাৰ একেটা পৰিয়ালৰে লোক। আনহাতে আন গৰাকী লোক মূলত: বিহাৰৰ যদিও বৰ্তমান কলকাতাত বাস কৰে উল্লেখ কৰে স্বাস্থ্য বিভাগে।
ৰাজ্যৰ স্বাস্থ্য বিভাগে এই ৪ গৰাকী ক’ভিদ আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহা মুঠ ৩৩ গৰাকী লোকক চিনাক্ত কৰা বুলি জানিবলৈ দিছে। আটাইকেইগৰাকী লোকেই সম্প্ৰতি সুস্থ আৰু বিভাগে তেওঁলোকক নিৰীক্ষণ কৰি আছে বুলিও কয়।
যোৱা সপ্তাহত কলকাতা বিমানবন্দৰত এগৰাকী বিদেশী নাগৰিককে ধৰি দুগৰাকী লোকৰ দেহত ক’ভিদ সংক্ৰমণ ধৰা পৰিছিল। পিছত তেওঁলোকক জিনম ছিকুৱেন্সিঙত অ’মিক্ৰনৰ চাবভেৰিয়েণ্ট বি এফ.৭ৰ দ্বাৰা আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছিল।