নিউজ ডেস্কঃ কলম্বিয়াৰ আমাজন অৰণ্যত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ৪০ দিনৰ পিছত চাৰিটা শিশুক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা সকলো শিশু ভাই-ভনী। শুক্ৰবাৰে, সামৰিক বাহিনীয়ে কলম্বিয়াৰ কেকুইটা আৰু গুয়াভিয়া প্ৰদেশৰ সীমাত এই শিশু চাৰিটা বিচাৰি পইছে। ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰোৱে এই দিনটোক এক যাদুকৰী দিন হিচাপে বৰ্ণনা কৰিছিল। শিশুবোৰৰ বয়স ১৩, ৯, ৪ আৰু ১ বছৰ বুলি জানিব পৰা গৈছে।

বিমান দুৰ্ঘটনাটো ১ মে’ত সংঘটিত হৈছিল। দুৰ্ঘটনাটোত পাইলটসহ তিনিজন লোক নিহত হয়। নিহত সকলৰ ভিতৰত এই শিশুসকলৰ মাতৃ আছিল। দুৰ্ঘটনাটোৰ পিছৰে পৰা চাৰিটা শিশু সন্ধানহীন হৈ আছিল। দুৰ্ঘটনাগ্ৰস্ত বিমানখন চেচনা ২০৬ এখন ব্যক্তিগত বিমান আছিল। য’ত শিশুসহ সাতজন যাত্ৰী আছিল। বিমানখনৰ দুৰ্ঘটনা খবৰ পোৱাৰ পিছৰে পৰা কলম্বিয়া চৰকাৰ আৰু সামৰিক বাহিনীয়ে শিশুসকলক উদ্ধাৰ কৰিবলৈ অপাৰেচন হোপ আৰম্ভ কৰিছিল। এই অপাৰেচন ভিত্তিতেই সুভাগ্যক্ৰমে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনাটোৰ পিছত, চৰকাৰ আৰু সামৰিক বাহিনীয়ে অপাৰেচন হোপ আৰম্ভ কৰে। অপাৰেচনৰ সময়ত অৰণ্যৰ পৰা শিশুসকলৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছিল। ইয়াত অন্তৰ্ভুক্ত আছিল কেঁচি, গাখীৰবটল, চুলিৰ বন্ধন, আৰু অস্থায়ী আশ্ৰয়। ইয়াৰ উপৰিও, বহু ঠাইত শিশুৰ পদচিহ্নও দেখা গৈছে। অনুসন্ধানৰ সময়ত, সামৰিক হেলিকপ্টাৰৰ পৰা শিশুৰ আইতাৰ কণ্ঠৰ পৰা এটা ৰেকৰ্ড কৰা বাৰ্তাও বজোৱা হৈছিল, যাতে শিশুসকলে এটা ঠাইত ৰ’ব বা সংকেত দিব পাৰে।

তাৰ পিছত, ১৭ মে’ত ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰোয়ে শিশুসকলক লগ পোৱাৰ বিষয়ে টুইট কৰিছিল। অৱশ্যে, অনুসন্ধান অভিযানত জড়িত সেনাই এই বিষয়ে নিশ্চিত কৰা নাছিল। শিশুসকলক কোনোৱে লগ পালেও, তেওঁলোকৰ জিম্মাত নাই বুলি ৰাষ্ট্ৰপতিয়ে কৈছিল। তেতিয়াৰ পৰাই ৰাষ্ট্ৰপতিয়ে কলম্বিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল। তাত থকা লোকসকলে চৰকাৰে শিশুসকলক লগ পোৱাৰ মিছা আশা দিয়াৰ অভিযোগ কৰিছিল।

লগতে পঢ়ক – দক্ষতাভিত্তিক শিক্ষাৰ বাবে ছেপ্টেম্বৰত মুকলি কৰা হ’ব ৬ টাকৈ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ কেন্দ্ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply