নিউজ ডেস্ক: হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া ভাৱে ঘোষণা কৰিছিল যে, ৰাজ্যত বন্ধ কৰা হ’ব বহু বিবাহ পদ্ধতি। উক্ত ঘোষণাৰ পিছতেই অসম চৰকাৰে বৃহস্পতিবাৰে গঠন কৰি দিলে এখন সমিতি। বহুবিবাহ ৰোধৰ বাবে কেনেদৰে চৰকাৰে আগবাঢ়িব পৰৱৰ্তী পৰ্যায়ত তাৰে বাবে তৈয়াৰ কৰি দিয়া হৈছে চাৰিজনীয়া বিশেষজ্ঞ সমিতি।

বিশেষজ্ঞ সমিতিখনত অধ্যক্ষ হিচাপে থাকিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকন। ইয়াৰ লগতে অসমৰ মহাধিবক্তা দেৱজিত শইকীয়া, অতিৰিক্ত মহাধিবক্তা নলিন কোহলিক সদস্য হিচাপে নিৰ্বাচন কৰা হৈছে। জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানকো এই বিশেষজ্ঞ সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে।

এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে। উক্ত নিৰ্বাচিত সমিতিখনক ৬০ দিনিৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ অসম চৰকাৰে নিৰ্দেশ দিছে।

লগতে পঢ়ক – খুচুৰা বজাৰত মাংসৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ সন্দৰ্ভত জনতা ভৱনত বৈঠকত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply