নিউজ ডেস্ক: আত্মসমৰ্পণ কৰিব আদিবাসী উগ্রপন্থী সংগঠন আপলাৰ ৪০ জন কেডাৰে। আপলাৰ সেনাধ্যক্ষ চাহিল মুণ্ডাৰ নেতৃত্বত কেডাৰসকলে আত্মসমৰ্পণ কৰিব বুলি জানিব পৰা গৈছে।

ম্যানমাৰ সীমান্তৰ পৰা মেৰাপানী সীমান্তত অস্ত্ৰ-শস্ত্রসহ বাহৰ পাতি থকা দলটোৱে ইতিমধ্যে যোৰহাটৰ সেনা ছাউনিত অৱস্থান কৰাৰ তথ্য সদৰী কৰিছে আপলাৰ আত্মসমৰ্পণকাৰী সেনাধ্যক্ষ চাহিল মুণ্ডাই। লগতে দলটোৱে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জমা দিব বুলি প্ৰকাশ কৰিছে সেনাধ্যক্ষগৰাকীয়ে।

উল্লেখ্য যে আদিবাসী উগ্রপন্থী সংগঠন ‘আনলা’ৰ পৰা ২০১৯ চনত পৃথক হৈ চাহিল মুণ্ডাৰ নেতৃত্বত ‘আপলা’ নামৰ উগ্ৰপন্থী সংগঠনৰ জন্ম দিছিল। ২০২২ চনত অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনামৰ্মে ৫ টাকৈ আদিবাসী সংগঠনে আত্মসমর্পণ কৰি শান্তি আলোচনালৈ আগবাঢ়িছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply