নিউজ ডেস্কঃ বৰ্তমান জাতিগত সংঘৰ্ষৰে জৰ্জৰিত হৈ থকা মণিপুৰত শান্তি স্থাপনৰ বাবে এতিয়া বিদ্ৰোহী বিৰুদ্ধে চলিছে তীব্ৰতৰ সেনা অভিযান। শনিবাৰে ৰাজ্যখনত দেশৰ সেনাবাহিনীৰ প্ৰধান জেনেৰেল মনোজ পাণ্ডে উপস্থিত হোৱাৰ পিছৰে চলা অভিযানত দেওবাৰলৈকে সেনাৰ গুলীত ৪০ গৰাকী উগ্ৰপন্থী বিদ্ৰোহীক গুলীয়াই হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দাবী কৰা অনুসৰি, বিদ্ৰোহীসকলে সাধাৰণ লোকৰ বিৰুদ্ধে এম-১৬ আৰু একে-৪৭ এছল্ট ৰাইফল আৰু স্নাইপাৰ বন্দুক ব্যৱহাৰ কৰি আছে। তেওঁলোকে বিভিন্ন গাঁৱলৈ গৈছিল আৰু ঘৰবোৰ জ্বলাই দিছিল। যাৰ বাবে সেনা আৰু বিভিন্ন নিৰাপত্তা বাহিনীৰ সহযোগত আমি অতি কঠোৰ অভিযান আৰম্ভ কৰিছো বুলি কয়।
দেওবাৰে মণিপুৰ আৰক্ষীয়ে আৰু সেনাই অভিযান চলাই ৪০ জনকৈ বিদ্ৰোহীসকলক হত্যা কৰা হয়। দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলিত চাৰিজন সাধাৰণ লোক আৰু দুজনকৈ কমাণ্ডোও নিহত হয়। চেকমাই, ছুগনু, কুম্বী, ফায়েং ছেৰৌ আদিত চলোৱা এই অভিযানৰ সময়ত এক যুদ্ধসদৃশ পৰিৱেশ হৈ পৰে।
ইয়াৰোপৰি, ইম্ফল ভেলীৰ পাঁচখন ঠাইত দেওবাৰে দিনৰ পৰা নিশালৈকে সংঘর্ষ অব্যাহত আছে। চূড়াচান্দপুৰ, উখৰুল, ইম্ফল, বিষ্ণুপুৰ আদিত ক্ষুদ্র জনগোষ্ঠীৰ বিভিন্ন বিদ্রোহী সংগঠনৰ বিৰুদ্ধে সেনা বাহিনীয়ে অভিযান চলাই। কিন্তু এতিয়া বিদ্রোহী বুলি নিৰীহকে হত্যাৰ উঠিছে অভিযোগ তুলিছে মণিপুৰবাসীয়ে।
উল্লেখ্য যে, প্ৰায় ৬০ শতাংশ জনসংখ্যাৰে সংখ্যাগৰিষ্ঠ মণিপুৰৰ মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা দিবলৈ লোৱাৰ বাবে ৩ মে’ৰ পৰা মণিপুৰত কুকি আৰু মাইতে সম্প্ৰদায়ৰ মাজত জাতিগত হিংসা চলি আছে। প্ৰায় এতিয়া এমাহজোৰা চলিথকা সংঘৰ্ষ আৰু উত্তেজনাক অন্ত পেলাবলৈয়ে দেশৰ সেনা প্ৰদানজন মণিপুৰত উপস্থিত হৈছেহি।
ৰাজ্যখনৰ আইন-শৃংখলাৰ অৱনতিৰ পৰিপ্ৰেক্ষিতত, কেন্দ্ৰীয় চৰকাৰে ইয়াত সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে। ৰাজ্যখনত ৩১ মে’লৈকে ইণ্টাৰনেট নিষিদ্ধ কৰা হৈছে। বহুতো জিলাত এতিয়াও কাৰফিউ বলবৎ আছে। এইবোৰৰ মাজতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ পৰা মণিপুৰলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে যাব। তেওঁ এই ভ্ৰমণকালত কুকি আৰু মাইটিৰ সামূহিক সংগঠনসমূহৰ সৈতে সাক্ষাৎ কৰিব আৰু ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল’ব।
লগতে পঢ়ক – অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰ দুৰ্ঘটনাত মৃত্যু