গুৱাহাটী : সোমবাৰে পুৱা ১০ বজাত ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ সৰ্বমুঠ ৪,০৫,৫৮২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ৪,০৫,৫৮২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১,৮৮,৫৭০ গৰাকী ছাত্ৰ আৰু ২,১৭,০১২ গৰাকী ছাত্ৰী।
এইবাৰ প্ৰথম বিভাগত ৬৫,১৭৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ পৰিবৰ্তে দ্বিতীয় বিভাগত ৯৯,৮৫৪ গৰাকী আৰু তৃতীয় বিভাগত ৬৪,১০১গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এইবাৰ অবশ্য ছাত্ৰীক পিছ পেলাই ছাত্ৰই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এইবাৰ ছাত্ৰত উত্তীৰ্ণৰ হাৰ ৫৮.৮০ শতাংশ।
লগতে পঢ়ক – প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীক ই-কেওৱাইচি কৰাৰ জাননী
ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ এইবাৰ কম। এইবাৰ ৫৪.৪৯ শতাংশ ছাত্ৰী উত্তীৰ্ণ হৈছে। ডিষ্টিংছন লাভ কৰাৰ ক্ষেত্ৰতো ছাত্ৰই পিছ পেলাইছে ছাত্ৰীক। ৪২৯৯ গৰাকী ছাত্ৰই ডিষ্টিংছন লাভ কৰাৰ পৰিবৰ্তে ৪০৭৪ গৰাকী ছাত্ৰীয়ে ডিষ্টিংছন লাভ কৰিছে। এইবাৰ ১৪,০৪৭ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰিছে ষ্টাৰ মাৰ্ক।