গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত ৪৩১ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। বুধবাৰৰ দিনটোত ৰাজ্যত দুজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। বুধবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৫.৫০ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত বুধবাৰে ৭,৮৩৩ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৪৩১ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ৰাজ্যত দুজন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হয় বুধবাৰে।

বুধবাৰৰ দিনটোত সৰ্বাধিক ৪২ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ লগতে ৩২ জন লোক ডিব্ৰুগড় জিলাত, ২৯ জন লোক কাছাৰ জিলাত, ২৫ জন লোক কামৰূপ জিলাত আৰু ২৪ জন লোক আক্রান্ত হৈছে তিনিচুকীয়া জিলাত। বুধবাৰৰ দিনটোত ৪৩১ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৪,৯১৭ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।

লগতে পঢ়ক –  Assam Flood : এতিয়াও ৰাজ্যৰ ৯ খন জিলাৰ ৮০ খন গাঁও বাঢ়নী পানীৰ তলত

ইফালে বুধবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৫৮৯ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। বুধবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা ক’ভিড ৰোগী দুজনৰ এজন কামৰূপ মহানগৰ আৰু এজন লখিমপুৰ জিলাৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply