নিউজ ডেস্কঃ উৰিষ্যাৰ বালাছোৰত শুক্ৰবাৰে সংঘটিত হোৱা শোকাবহ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পাছতেই বাতিল কৰা হৈছে ৪৮ খনকৈ ৰে’লৰ চলাচল। জানিব পৰা অনুসৰি, এই ৪৮ খনৰ ভিতৰত অসমলৈ অহা দুখনকৈ ৰে’লৰো চলাচল বাতিল হৈছে।
উক্ত ৰে’ল দুখন হৈছে ২ জুনত যাত্ৰা কৰা ১২৫০৯ এছএমভিটি বেংগালুৰু-গুৱাহাটী চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু আজিৰ ৰাতিপুৱাৰ ১২৫৫১ এছএমভিবি বেংগালুৰু-কামাখ্যা এচি চুপাৰফাষ্ট এক্সপ্ৰেছ।
ইয়াৰোপৰি, ৩৯ খনকৈ ৰে’লৰ যাত্ৰাপথত বৰ্তমান সলনি কৰি দিয়া হৈছে। যাত্ৰাপথ সলনি কৰা ভিতৰত অসমলৈ অহা ৰেলৰ সংখ্যা ৩ খন। ৰে’ল কেইখন হৈছে, ১ জুনত যাত্ৰা কৰা ১২৫০৯ এছএমভিটি বেংগালুৰু- গুৱাহাটী চুপাৰফাষ্ট এক্সপ্ৰেছ, ২ জুনত যাত্ৰা কৰা ১৫৯২৯ তাম্বাৰাম-নিউ তিনিচুকীয়া এক্সপ্ৰেছ আৰু ২ জুনত যাত্ৰা কৰা ৭০৪৭ ডিব্ৰুগড়-চেকেন্দ্ৰাবাদ স্পেচিয়াল।
বৰ্তমানো যিহেতু দুৰ্ঘটনাগ্ৰস্থ ৰে’ল কৰমণ্ডল এক্সপ্ৰেছৰ পৰা আবদ্ধ যাত্ৰী উদ্ধাৰ অভিযান চলি আছে সেইবাবে উদ্ধাৰৰ পিছত ট্ৰেকৰ মেৰামতিৰ কাম আৰম্ভ হ’ব ৰে’ল বিভাগে।
উল্লেখ্য যে, উৰিষ্যাৰ বালাচোৰ জিলাত সংঘটিত এই ৰে’ল দুৰ্ঘটনাত মৃত্যুৰ হোৱা লোকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি পাইছে। লগতে ১,০০০ ৰো অধিক যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।
উক্ত দুৰ্ঘটনাটোৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্য খনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ লগতে দেশৰ বিভিন্ন লোকে এতিয়া শোকপ্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিহতৰ পৰিয়াললৈ ১০ লাখ টকা, গুৰুতৰ ভাৱে আহতলৈ ২ লাখ টকা, সামান্য আঘাতপ্ৰাপ্তলৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে।
লগতে পঢ়ক – ‘ৰাজভৱন অসম’য়ে ‘তেলেংগানা ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উদযাপন কৰে