গুৱাহাটী : শুকুৰবাৰে পুৱাৰ ভাগত উত্তৰ-পূবত ভূমিকম্পৰ জোকাৰণি। ৫.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পই পুৱাৰ ভাগত জোকাৰি গ’ল উত্তৰ-পূব। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অনুভৱ কৰা হয় ভূমিকম্পৰ জোকাৰণি।
শুকুৰবাৰে পুৱাৰ ভাগতে অৰুণাচল প্ৰদেশত অনুভৱ কৰা হয় ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৫৬ মিনিটত এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ চীনত আছিল বুলি জানিব পৰা গৈছে।
ইফালে বৃহস্পতিবাৰে নিশাৰ ভাগত মণিপুৰত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছিল। ৩.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পই বৃহস্পতিবাৰে নিশা জোকাৰি যায় মণিপুৰ। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মনিপুৰৰ চান্দেলত।
লগতে পঢ়ক – মুখ্য মন্ত্ৰীৰ ‘উন্নয়নমূলক’ কামৰ ওপৰত নির্মিত গান মুকলি