নিউজ ডেস্ক- ৰাজ্যত পুনৰ স্থাপন টোলগেট। কেন্দ্ৰীয় চৰকাৰে অসমত পুনৰ পাঁচখনকৈ টোলগেট স্থাপনৰ কাম প্ৰায়েই সম্পূৰ্ণ হ’ব গৈ আছে।
উল্লেখ্য যে, উক্ত পাচঁখন টোলগেটৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণৰূপে সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰে এখন টোলগেট ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেৰগাঁৱৰ সমীপত, এখন কলিয়াবৰ দলঙৰ সমীপৰ চুলুঙত, এখন ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে বগীবিল দলংখনৰ সমীপত, এখন লখিমপুৰৰ বান্দৰদেৱাত আৰু আনখন স্থাপন কৰা হৈছে বিশ্বনাথ চাৰিআলিৰ সমীপৰ মোনাবাৰীত।
তথ্য অনুসৰি, উক্ত পাঁচখনকৈ টোলগে’ট মুকলি হোৱাৰ লগে লগেই ৰাজ্যখনত মুঠ টোলগেটৰ সংখ্যা ১৪খনলৈ বৃদ্ধি পাব। আনহাতে ৰাজ্যখনত বৰ্তমান সময়ত কার্যক্ষম হৈ থকা টোলগেট আৰু মুকলি হ’বলগীয়া টোলগেটকে ধৰি মুঠ ২৭ খন টোলগেট স্থাপন কৰাৰ পৰিকল্পনা আছে কেন্দ্ৰীয় চৰকাৰৰ।
লগতে, টোলগেটসমূহ বৃদ্ধি হোৱাৰ লগে লগে ক্ৰমে বৃদ্ধি পাব যাতায়াতৰ মাচুল। লগতে প্ৰত্যেক বছৰেই চৰকাৰখনে ৫-১৫ শতাংশলৈকে বৃদ্ধি কৰি আহিছে টোল মাচুল। টোলগেটৰ এই মাচুলে জোৰুলা কৰিছে ৰাজ্যবাসীক।