নিউজ ডেস্কঃ উৰিষ্যাৰ বালাচোৰত শুক্ৰবাৰে সন্ধিয়া ৭ বজাত সংঘটিত হোৱা শোকাবহ ৰে’ল দুৰ্ঘটনাৰ ফলত অসমৰ পৰা যাত্ৰা কৰিবলগীয়া ৫ খনকৈ ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। এই কথা এন এফ ৰে’লৱে মালিগাঁওৰ মুখ্য কাৰ্যালয়ৰ পৰা এক প্ৰেছ বিবৃতি জৰিয়তে জানিবলৈ দিছে।
বিবৃতিৰ অনুসৰি, দক্ষিণ-পূব ৰে’লৱেৰ অন্তৰ্গত খড়গপুৰ আৰু ভদ্ৰক খণ্ডৰ মাজত ১২৮৪১ (শালিমাৰ চেন্নাই চেণ্ট্ৰেল ) কৰমণ্ডল এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ পৰিপ্ৰেক্ষিতত, নিম্নঅনুসাৰে নিম্নলিখিত ৰে’লসমূহ বাতিল কৰা হৈছে-
০৬ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১২৫১০ (গুৱাহাটী – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ৰেলখন বাতিল থাকিব।
০৭ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১২৫৫২ (কামাখ্যা – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ৰেলখন বাতিল থাকিব ।
০৩ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ০৬০৭৪ (ৰঙাপাৰা নৰ্থ – ইৰোড জংচন) বিশেষ ৰেলখন বাতিল কৰা হৈছে।
০৩ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ২২৫০৪ (ডিব্ৰুগড় – কন্যাকুমাৰী) বিবেক এক্সপ্ৰেছ ৰেলখন বাতিল কৰা হৈছে।
০৩ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ২২৫১২ (কামাখ্যা – লোকমান্য তিলক টার্মিনাস) কর্মভূমি এক্সপ্ৰেছ ৰেলখন বাতিল কৰা হৈছে।
লগতে পঢ়ক – স্বৰ্ণ মন্দিৰত বোমাতংক; আটক ৪ সন্তানসহ পিতৃ