বিশ্বনাথ : ৫০ বছৰীয়া এজন লোকৰ কামনাৰ বলি ১৪ বছৰীয়া কিশোৰী। বিশ্বনাথত এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধর্ষণ কৰিলে ৫০ বছৰীয়া এজন লোকে। ধর্ষণকাৰী ৫০ বছৰীয়া লোকজন বৰ্তমান ৰঙা ঘৰৰ আলহী।
বিশ্বনাথ জিলাৰ ছোৱাগুৰীত সংঘটিত হৈছে এক জঘন্য ধর্ষণকাণ্ড। অভিযোগ মতে প্ৰায় চাৰি মাহ পূৰ্বে ৪ সন্তানৰ পিতৃ ৫০ বছৰীয়া খুৰছিদ আলীয়ে গাঁৱৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে। দেওবাৰে এই জঘন্য ঘটনা পোহৰলৈ আহে।
কিশোৰী গৰাকীৰ পৰিয়ালৰ এজেহাৰৰ ভিত্তিত অভিযুক্ত খুৰছিদ আলীক বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।আৰক্ষী সুত্ৰ মতে খুৰছিদ আলীয়ে ধৰ্ষণ কৰাৰ পিছতে কিশোৰী গৰাকীয়ে গৰ্ভধাৰণ কৰে। এই জঘন্য কাণ্ডৰ বিষয়ে পৰিয়ালৰ লোক অৱগত হয় যদিও লম্পট খুৰচিদ আলীয়ে কিশোৰী গৰাকীক মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান কৰে।
লগতে পঢ়ক – ১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ
বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ কালত অভিযুক্ত খুৰচিদ আলীয়ে পলায়ণ চেষ্টা চলায়। দ পানীত মৰাপাট খেতিৰ মাজৰ পৰা খুৰচিদ আলী লুকাই থাকে। আৰক্ষীয়ে মৰাপাটৰ খেতিৰ মাজৰ পৰা খুৰচিদ আলী আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে অভিযুক্ত খুৰচিদ আলীক।