আজি গোলাঘাটৰ দেৰগাওঁৰ অসম আৰক্ষীৰ ১৭৮নং বেটছৰ পাছিং আউত পেৰেডত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। অহা ১১মে তাৰিখে ৫১হাজাৰ নতুন নিযুক্তি দিয়া হব তাৰে ৬০০০ আৰক্ষী আৰু বনবিভাগত জোৱান থাকিব।
মুখ্যমন্ত্ৰীৰগাকীয়ে কয় যে, অসম আৰক্ষীত যোৱা দুটা বছৰ ধৰি নিৰন্তৰ নিযুক্তি আৰু স্বচ্চ নিযুক্তিৰে এটা নতুন পেচাদাৰী দৃষ্টিভংগী নিৰ্মানৰ বাবে প্ৰচেষ্টা চলাই থকাৰ কথাও উল্লেখ কৰে। তাৰ অংশ হিচাপে ইতিমধ্যে আমি প্ৰায় ১৪৩০০ গৰাকী আৰক্ষী জোৱানক দুটা বছৰত নিযুক্তি দিয়া কথাও কয়।
তেওঁ কয় যে, “মিচন মৈত্ৰেয়ীৰ জৰিয়তে অসমৰ প্ৰতিখন থানা, প্ৰতিখন বেটেলিয়ান, প্ৰত্যেকখন পুলিচ চকী আৰু পুলিচ ৰিজাৰ্ভক আমি আধুনিকৰণৰ দিশত আগুৱাই লৈ গৈছো। আমি বছৰি ১০০০কোটি টকা আৰক্ষীৰ প্ৰশিক্ষণ আৰু আৰক্ষীৰ উৎকৃস্ট সম্পদ নিৰ্মাণৰ কামত চৰকাৰে ব্যৱহাৰ কৰাৰ বাবে সংকল্প লৈছে।”
লগতে তেওঁ লাচিত বৰফুকন পুলিচ একাডেমীৰ নিৰ্মানকাৰ্য্য চলিত বৰ্ষত সম্পূৰ্ণ হব বুলিও উল্লেখ কৰে।
পুনৰ তেওঁ উল্লেখ কৰে যে, আৰক্ষীত যোগদান কৰিলে যে মদ খাব লাগিব, তেনেকুৱা কথা কতো লিখা নাই।