গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। শনিবাৰৰ দিনটোত ৰাজ্যত ৫২০ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আনহাতে শনিবাৰে ৰাজ্যত এজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। শনিবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৬.৪১ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত শনিবাৰে ৮,১১২ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৫২০ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধিৰ লগতে ৰাজ্যত শনিবাৰৰ দিনটোত এজন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে।
শনিবাৰৰ দিনটোত সৰ্বাধিক ৪৯ জন লোক আক্রান্ত হৈছে ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাৰ পিছতে ৩৯ জন লোক কামৰূপ মহানগৰ জিলাত, ৩৮ জন লোক কাছাৰ জিলাত, ৩৫ জন লোক লখিমপুৰ জিলাত আৰু ৩২ জন লোক আক্রান্ত হৈছে বাক্সা জিলাত। শনিবাৰৰ দিনটোত ৫২০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৬,০৩২ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ৩ খন জিলাৰ ১২ খন গাঁও জলমগ্ন হৈ আছে
ইফালে শনিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১০৮ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। শনিবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা একমাত্ৰ ক’ভিড ৰোগীজন তিনিচুকীয়া জিলাৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।