Representative Image

নিউজ ডেস্ক – অসমত হাজাৰ হাজাৰ লোক বাল্য বিবাহৰ অপৰাধত শুক্ৰবাৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতে ৰাজ্যখনত হাহাকাৰৰ সৃষ্টি হৈছে।

ইতিমধ্যে, বাল্য বিবাহৰ অভিযোগত অভিযুক্ত বহু লোকক কালি নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, তাৰ মাজতে নগাঁৱৰ ৰূপহী, জুৰীয়া, চামগুৰি আদি অঞ্চলৰ বহু লোকে গাড়ী ভাড়া কৰি কেৰালালৈ পলায় যাবলৈ চেষ্টা কৰিছিল।

আনফালে, এই খবৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিৰ কুমাৰ ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহস্পতিবাৰে নিশা ৰূপহীৰ পৰা কেৰালা অভিমুখী এখন ট্ৰেভেলাৰ বাছত ৫৮ গৰাকী লোকক আটক কৰিছে। আৰক্ষীৰ দলটোৱে কেৰালা অভিমুখে যাত্ৰা কৰা লোকসকলৰ ওপৰত জেৰা অব্যাহত ৰাখিছে।তেওলোকৰ মাজৰ পৰা বহুকেইজনক বাল্যবিবাহৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply