নিউজ ডেস্ক: তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ বুধবাৰে সামৰণি পৰে। বিগত দুটা দিনত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সন্মিলনত কেবিনেট মন্ত্ৰীসকল, মাননীয় মুখ্য সচিব আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত জিলা উপায়ুক্তসকলৰ সৈতে প্ৰায় ৩২ ঘন্টা আলোচনাত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে।

এই সন্মিলনত ৰাজ্য প্ৰশাসনক কিদৰে বিকেন্দ্ৰীকৰণ কৰিব পৰা যায় সেই সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰাৰ লগতে জিলা উপায়ুক্তসকলক জিলাসমূহৰ কেন্দ্ৰবিন্দু হিচাপে লৈ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটোক নতুন ৰূপত সজোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰে। জিলা উপায়ুক্ত সন্মিলনত হোৱা প্ৰাৰম্ভিক আলোচনা মতে অসমৰ মাণ্ডলিক আয়ুক্তসকলৰ কাৰ্যালয়ৰ বিলুপ্তি ঘটি ৰাজ্য চৰকাৰ তথা জিলা উপায়ুক্তসকলৰ মাজত এক সুচল ব্যৱস্থা বিকশিত কৰা হ’ব৷

লগতে, মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলা উপায়ুক্তসকলক জিলা আযুক্ত হিচাপে নতুনকৈ নামকৰণ কৰা হ’ব আৰু মহকুমাসমূহক উন্নীত কৰি প্ৰতিটো সমষ্টিত এখন উপ-জিলা গঠন কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই জিলা উপায়ুক্ত সন্মিলনতে অৰুণোদয় আঁচনি, জল জীৱন মিছন তথা বিভিন্ন কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত কেতবোৰ বিশেষভাৱে আলোচনা কৰা হয়। মাননীয় মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সন্মিলনত হোৱা এই আলোচনাসমূহৰ সুফল জিলাসমূহত আগন্তুক সময়ত প্ৰতিফলিত হোৱাৰ লগতে প্ৰশাসনিক ব্যৱস্থা অধিক সুদৃঢ় হৈ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত নৱৰূপ প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে।

উল্লেখ্য যে, অন্তিম দিনা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ই অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰীসকল, মাননীয় বিধায়কসকল, মাননীয় মুখ্য সচিব আৰু মাননীয় আৰক্ষী সঞ্চালকপ্ৰধান আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰে।

লগতে পঢ়ক – ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply