নিউজ ডেস্ক: তিনিচুকীয়া জিলাত সোমবাৰৰ পৰা আৰম্ভ হোৱা পঞ্চম উপায়ুক্ত সন্মিলনৰ অংশ হিচাপে প্ৰথম দিনা ডিগবৈৰ চিটিএ অতিথিগৃহ সভাকক্ষত মন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ছখন জিলাৰ উপায়ুক্তক লৈ এখন মাণ্ডলিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

বিশ্বনাথ জিলা সমন্বিতে শোণিতপুৰ , লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ উপায়ুক্তসকলক লৈ প্ৰায় ১১ ঘণ্টা জুৰি পৰ্যালোচনা বৈঠকত আলোচনা কৰা হয়। বৈঠকত সংশ্লিষ্ট জিলাকেইখনত চৰকাৰৰ অগ্ৰাধিকাৰপ্ৰাপ্ত কাৰ্যসূচী তথা আঁচনি-প্ৰকল্পৰ ফলপ্ৰসূ ৰূপায়ণ আৰু গুৰুত্বপূৰ্ণ প্ৰশাসনিক কামকাজৰ বিষয়ে পুংখানুপুংখ ভাৱে আলোচনা কৰা হয়।

ইযাৰ লগতে, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্রামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, সমাজ কল্যাণ, মহিলা আৰু শিশু বিকাশ, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, গৃহ নিৰ্মাণ আৰু নগৰাঞ্চল বিকাশ, কৃষি, শক্তি, সাধাৰণ প্ৰশাসন আদি বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি তথা কাৰ্যসূচীৰ ক্ষেত্ৰত প্ৰতিখন জিলাই লাভ কৰা অগ্ৰগতিৰ লগতে ৰূপায়ণকাৰ্যত সন্মুখীন হোৱা অসুবিধাক লৈ  অতিৰিক্ত মুখ্য সচিব ভূটানী আৰু জ্যেষ্ঠতম সচিবদ্বয়ৰ সহিতে উপায়ুক্তসকলৰ লগত মন্ত্ৰী কেশৱ মহন্তয়ে চৰ্চা কৰে।

মন কৰিবলগীয়া যে, ই পৰ্যালোচনাত বিশেষকৈ ৰাজহ বিভাগৰ মিছন বসুন্ধৰা-২, অসম মালা আঁচনিৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াৰ অগ্ৰগতি, বান পৰিস্থিতি মোকাবিলাৰ বাবে আগতীয়া প্ৰস্তুতি, স্বাস্থ্য বিভাগৰ অধীনৰ প্ৰতিষ্ঠানিক প্ৰসৱ আৰু নৈশ প্ৰসৱৰ প্ৰয়োজনীয় আন্তঃগাথঁনি, প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ-নৱজাত শিশুৰ মৃত্যুৰ হাৰ, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ ই-কেৱাইচিৰ অগ্ৰগতি, যক্ষ্মাৰোগীৰ নি-ক্ষয় মিত্ৰ পঞ্জীয়ন, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ এমজিএনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), অমৃত সৰোবৰ আঁচনি, মহিলা আৰু শিশু বিকাশ বিভাগৰ ১০০ শতাংশ অংগনবাদী কেন্দ্ৰ বৈদ্যুতিকৰণ, শিশু সুৰক্ষা আৰু বাল্য বিবাহ প্ৰতিৰোধ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মিছন জলজীৱন, শিক্ষা বিভাগৰ গুণোৎসৱ বিষয়ক দিশ, আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাসকৰণ, কন্যাশিশুৰ স্কুলত নামভৰ্তি সুনিশ্চিতকৰণ, গৃহনিৰ্মাণ আৰু নগৰাঞ্চল উন্নয়ন বিভাগৰ প্ৰধানমন্ত্ৰী আবাস যোজনা (নগৰাঞ্চল), বিশুদ্ধ খোৱাপানীৰ সুবিধা, কৃষি বিভাগৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, মিলেট মিছন, ভূমি স্বাস্থ্য কাৰ্ড, জৈৱিক কৃষি, প্ৰত্যেক জিলাৰে একক স্বকীয় উৎপাদন, শক্তি বিভাগৰ গ্ৰিড সংযোজনত অগ্ৰগতি, সাধাৰণ প্ৰশাসন বিভাগৰ আধাৰ কাৰ্ড প্ৰদানত অগ্ৰগতি, ই-অফিচ ব্যৱস্থা কাৰ্যকৰীকৰণ আৰু খাদ্য-অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় আৰু ৰেচন কাৰ্ডৰে আধাৰ সংলগ্নকৰণত অগ্ৰগতি আদি চৰকাৰৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহত গুৰুত্ব দিয়া হয়।  এই পৰ্যালোচনা বৈঠকত উত্তৰ অসম আৰু বৰাক উপত্যকাৰ জিলা ছখনক লৈ এখন প্ৰতিবেদনো প্ৰস্তুত কৰা হয়।

৬ খন জিলাক লৈ অনুষ্ঠিত হোৱা বৈঠকত মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ড০ আশীষ কুমাৰ ভূটানী, এপিডিচিএলৰ পৰিচালন সঞ্চালক তথা মীন-আৱকাৰী আয়ুক্ত সচিব আৰু উত্তৰ অসম মণ্ডলৰ আয়ুক্ত ৰাকেশ কুমাৰ, সৰ্বশিক্ষা অভিযানৰ সঞ্চালক ড০ ঔম প্ৰকাশ, ঔদ্যোগ তথা বাণিজ্য আৰু খনি তথা খনিজ সম্পদ বিভাগৰ সচিব ডাঃ এছ লক্ষ্মনন, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অতিৰিক্ত সচিব মৃগেশ নাৰায়ণ বৰুৱা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, লখিমপুৰৰ উপায়ুক্ত সুমিত সাতৱান, হাইলাকান্দিৰ উপায়ুক্ত নিশৰ্গ হিভাৰে, কাছাৰৰ উপায়ুক্ত ৰোহণ কুমাৰ, কৰিমগঞ্জৰ উপায়ুক্ত মৃদুল যাদৱ ধেমাজিৰ উপায়ুক্ত অংকুৰ ভঁৰালী আৰু বিশ্বনাথৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত জয় শিৱানীয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, মন্ত্ৰীস্তৰত হোৱা বৈঠকৰ পাছতে আজিৰ পৰা তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত পঞ্চম উপায়ুক্ত সন্মিলনৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ’ব।

লগতে পঢ়ক – SI জোনমণি ৰাভা পথ দুৰ্ঘটনাত কৰুণ মৃত্যু

উপায়ুক্তসকলক প্ৰথমদিনা ৫ টা গোটত ভাগত কৰি দিয়া হৈছিল,

অসমৰ ৩১ খন জিলাৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া উপায়ুক্তসকলক প্ৰথমদিনা ৫ টা গোটত ভাগত কৰি দিয়া হৈছিল। আজিৰ প্ৰথম দিনা কাৰ্যসূচী হিচাপে উপায়ুক্তসকলক ভাগ কৰি দিয়া ৫ টা গোটক পৃথক স্থানত পাঁচখনকৈ আলোচনা সভা অনুষ্ঠিত কৰা হৈছিল।

আলোচনা সভাৰ তিনিখন ডিব্ৰুগড় জিলাত আৰু দুখন তিনিচুকীয়া জিলাত অনুষ্ঠিত কৰা হৈছিল। তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটী, চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ উপায়ুক্তৰে গঠিত প্ৰথমটো গোটৰ আলোচনা সভা ডিগবৈ ক্লাবত অনুষ্ঠিত কৰা হৈছিল। আগলৈ….

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply