গুৱাহাটী : বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত প্ৰথমটো বান। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ ৬ খনকৈ জিলা প্ৰভাৱিত হৈছে। হোজাই, কাছাৰ আৰু কাৰ্বি আংলংত বিস্তৰ ক্ষতি। ডিমা হাছাওত মৃত্যু তিনিজন লোকৰ।
বছৰৰ প্ৰথমটো বানে বিস্তৰ ক্ষতি সাধন কৰিছে ৰাজ্যৰ ৬ খনকৈ জিলাত। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে নৈ-উপনৈ সমূহৰ জলস্তৰ। হোজাই, কাৰ্বি আংলং, কাছাৰ, ধেমাজি, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল বুৰাই পেলাইছে বানৰ পানীয়ে। এই জিলা ৬ খনত ২৪,৬৮১ জন লোক বান পানীৰ দ্বাৰা প্ৰভাৱিত হৈছে।
লগতে পঢ়ক – বিশ্ব ক্ৰিকেট জগতৰ বাবে এক শোকাবহ খবৰ
বছৰৰ প্ৰথমটো বানত সবাতোকৈ অধিক লোক প্ৰভাৱিত হৈছে কাছাৰ জিলাত। জিলাখনতে ২১,৪৯৩ জন লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে। ইফালে ডিমা হাছাও জিলাত নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ ৰূপ ধাৰণ কৰিছে ভূমিস্খলনে। ডিমা হাছাওত ভূমিস্খলনৰ ফলত তিনিজনকৈ লোকৰ মৃত্যু হৈছে।