মানকাচৰ : গাড়ীসহ সমবায় সমিতিৰ চোৰাং চাউল জব্দ। মানকাচৰৰ চাৰবাৰীত গাড়ীসহ ৬০ বস্তা সমবায় সমিতিৰ চোৰাং চাউল জব্দ। আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।
শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত চাৰবাৰীত জব্দ হয় চাউলখিনি। খাৰুৱাবান্ধা আৰক্ষীৰ এটা দলে মানকাচৰৰ চাৰবাৰীৰ পৰা এখন পিক আপ ভেনসহ ৬০ বস্তা সমবায় সমিতিৰ চোৰাং চাউল জব্দ কৰে।
লগতে পঢ়ক – চিকিৎসাধীন কংগ্ৰেছ কর্মীলৈ কংগ্ৰেছ দলৰ আৰ্থিক সাহায্য
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ বেপাৰীপাৰা ঘাটৰ পৰা এইচএম গড়কাপ্তানী পথেৰে মেঘালয়ৰ ফালে গৈ থকা এমএল-০৮-এইচ-১৭৯৩ নম্বৰৰ চাউল ভৰ্তি পিক আপ ভেনখন জব্দ কৰে। একাংশ সাংবাদিকৰ তৎপৰতাত আৰক্ষীৰ দলে অভিযান চলাই পিক আপ ভেনসহ মুঠ ৬০ বস্তা সমবায় সমিতিৰ সুলভ মূল্যৰ চাউল খিনি জব্দ কৰি খাৰুৱাবান্ধা আৰক্ষী চকীত জমা কৰে।