নিউজ ডেস্ক-  বৰ্তমান দেশৰ বিভিন্ন আদালতত নিষ্পত্তিহীন গোচৰৰ সংখ্যা হৈছে ৩৫.৬ লাখ। ইয়াৰে ১৮.৪ লাখ ফৌজাদাৰী আৰু ১৭.১ লাখ দেৱানী গোচৰ।

উল্লেখ্য যে, ৩৫.৬ লাখ গোচৰৰ ভিতৰত মহিলা আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ নিষ্পত্তিহীনভাৱে আছে। চলিত বৰ্ষৰ জুন মাহৰ পৰা দেশৰ নিম্ন আদালতসমূহত ৭,২৫,৮৮৩ টা গোচৰৰ শুনানি চলি আছে। তাৰ ভিতৰত মহিলা আৰু বয়োজ্যেষ্ঠৰ বিৰুদ্ধে সর্বাধিক গোচৰৰ শুনানি চলি আছে।

তথ্য অনুসৰি, এনেদৰে দেশৰ ৬২ লাখ মহিলা আৰু বয়োজ্যেষ্ঠই ন্যায়ৰ অপেক্ষাত ৰৈ থাকে। উত্তৰ প্ৰদেশত সর্বাধিক ৭ লক্ষাধিক গোচৰ মহিলাই দাখিল কৰিছিল। এইয়া কেৱল মহিলাৰ বিৰুদ্ধে চলা নিৰ্যাতনৰ গোচৰ আছিল। উত্তৰ প্ৰদেশৰ পিচতে মহাৰাষ্ট্ৰত ৩ লক্ষাধিক এনে গোচৰ চলি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply