গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৬৫২ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। ভাল খবৰ যে বৃহস্পতিবাৰে ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৭.০৭ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত বৃহস্পতবাৰে ৯,২২০ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৬৫২ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত এজনো লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা নাই।

বৃহস্পতিবাৰৰ দিনটোত সৰ্বাধিক ৫৬ জন লোক আক্রান্ত হৈছে লখিমপুৰ জিলাত। লখিমপুৰ জিলাৰ পিছতে ৫২ জন লোক ধেমাজি জিলাত, ৪৭ জন লোক কামৰূপ মহানগৰ জিলাত, ৩৯ জন লোক ডিব্ৰুগড় জিলাত আৰু ৩৮ জন লোক আক্রান্ত হৈছে শোণিতপুৰ জিলাত। বৃহস্পতিবাৰৰ দিনটোত ৬৫২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৫,৬১৩ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।

লগতে পঢ়ক –  Assam Flood : এতিয়াও ৰাজ্যৰ ৩ খন জিলাৰ ২৪ খন গাঁও জলমগ্ন হৈ আছে

ইফালে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৭২৯ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply