গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। সোমবাৰৰ দিনটোত ৰাজ্যত ৬৯ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও দিনটোত ৰাজ্যত মৃত্যু হোৱা নাই এজনো ক’ভিড ৰোগীৰ। সোমবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ২.৭২ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত সোমবাৰে ২,৫৪১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৬৯ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও ভাল খবৰ যে দিনটোত এজনো ক’ভিড আক্রান্তৰ মৃত্যু হোৱা নাই।

দিনটোত সৰ্বাধিক ২০ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ৯ জন লোক ডিব্ৰুগড় জিলাত, ৭ জন লোক গোৱালপাৰা জিলাত, ৬ জন লোক তিনিচুকীয়া জিলাত আৰু ৫ জন লোক আক্রান্ত হৈছে বঙাইগাঁও জিলাত। সোমবাৰৰ দিনটোত ৬৯ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯০০ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।

লগতে পঢ়ক – দেওবাৰে ৰাজ্যত নতুনকৈ ক’ভিড আক্ৰান্ত ১২ জন লোক

ইফালে সোমবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১১২ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। ভাল খবৰ যে দিনটোত ৰাজ্যত মৃত্যু হোৱা নাই এজনো ক’ভিড ৰোগীৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply