বটদ্ৰৱা : পুনৰ এক জঘন্য ধর্ষণকাণ্ড। এটি ৪ বছৰীয়া কন্যা শিশু ধৰ্ষণৰ বালি হোৱাৰ অভিযোগ। ৭০ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যা শিশুক ধর্ষণৰ অভিযোগ। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল।
ৰাজ্যত পুনৰ এক জঘন্য ধর্ষণকাণ্ড সংঘটিত হৈছে। ৭০ বছৰীয়া বৃদ্ধই এটি ৪ বছৰীয়া কন্যা শিশুক ধর্ষণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। এই জঘন্য ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰামপুৰ গাঁৱত।
ইদ্ৰিছ আলী নামৰ এজন ৭০ বছৰীয়া বৃদ্ধই এটি ৪ বছৰীয়া কন্যা শিশুক চকলেট দিয়াৰ প্ৰলোভন দি ধর্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কন্যা শিশুটিৰ পৰিয়ালে। কন্যা শিশুটিৰ পৰিয়ালে ইতিমধ্যে বৃদ্ধজনৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
লগতে পঢ়ক – ঢোঁল-পেঁপা গগণাৰ মাতেৰে মুখৰিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ
ভুক্তভোগী কন্যা শিশুটিয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে ধৰ্ষণৰ অভিযুক্ত ইদ্ৰিছ আলী বৰ্তমান পলাতক অৱস্থাত আছে।