গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৭২০ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আনহাতে বৃহস্পতিবাৰে ৰাজ্যত মৃত্যু ঘটিছে ২ জনকৈ ক’ভিড ৰোগীৰ। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ১০.৮৩ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত বৃহস্পতিবাৰে ৬,৬৫১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৭২০ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ইফালে ৰাজ্যত বৃহস্পতিবাৰে দুজনকৈ লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে।
বৃহস্পতিবাৰৰ দিনটোত সৰ্বাধিক ৬৩ জন লোক আক্রান্ত হৈছে গোৱালপাৰা জিলাত। গোৱালপাৰা জিলাৰ পিছতে ৫৪ জন লোক ডিব্ৰুগড় জিলাত, ৫১ জন লোক বাক্সা জিলাত, ৫০ জন লোক বিশ্বনাথ জিলাত আৰু ৪৬ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ইয়াৰ বিপৰীতে দৰং আৰু ওদালগুৰি জিলাত এজনকৈ ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু হয় বৃহস্পতিবাৰৰ দিনটোত।
লগতে পঢ়ক – মহানগৰীত আজি চিটি বাছ নচলোৱাৰ সিদ্ধান্ত
বৃহস্পতিবাৰৰ দিনটোত ৭২০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৫,৩২৫ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত। ইফালে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৬৩৬ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।