গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। মঙলবাৰৰ দিনটোত ৰাজ্যত ৭৫৫ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আনহাতে মঙলবাৰে ৰাজ্যত মৃত্যু ঘটিছে ৩ জনকৈ ক’ভিড ৰোগীৰ। মঙলবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ১০.৬০ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত মঙলবাৰে ৭,১২১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৭৬৫ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ইফালে ৰাজ্যত তিনিজনলৈ লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে।

মঙলবাৰৰ দিনটোত সৰ্বাধিক ৬৪ জন লোক আক্রান্ত হৈছে বাক্সা জিলাত। বাক্সা জিলাৰ পিছতে ৬৩ জন লোক গোৱালপাৰা জিলাত, ৬০ জন কামৰূপ মহানগৰ জিলাত আৰু ৬০ জন লোক আক্রান্ত হৈছে ডিব্ৰুগড় জিলাত। ইয়াৰ বিপৰীতে কাছাৰ, কামৰূপ মহানগৰ আৰু ওদালগুৰি জিলাত এজনকৈ ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু হয় মঙলবাৰৰ দিনটোত।

লগতে পঢ়ক –  জুবিন গাৰ্গক ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিতালত ভৰ্তি

মঙলবাৰৰ দিনটোত ৭৫৫ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৪,৮৫৮ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত। ইফালে মঙলবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৩০৩ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply