গুৱাহাটী : এইবাৰ প্ৰৱঞ্চকৰ জালত দিছপুৰ মহাবিদ্যালয়। দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চনাৰে লুটি নিয়া হ’ল ৭৬ লাখ টকা। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু।

প্ৰৱঞ্চকৰ কবলত পৰিছে দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট। দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চকে লুটি নিলে ৭৬ লাখ টকা। বেংক এফ বৰোডাত আছিল বেংক একাউণ্ট।

লগতে পঢ়ক –  ১৪ মে’ত ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত লোক আদালত

যোৱা ২ মে’ তাৰিখে এই ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত দিছপুৰ মহাবিদ্যালয় অধ্যক্ষ ড০ নৱজ্যোতি বৰাই দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে। এই ঘটনাৰ লগত বেংকৰ লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে অধ্যক্ষ ড০ নৱজ্যোতি বৰাই।

আনহাতে, দিছপুৰ কলেজৰ কৰ্তৃপক্ষৰ সৈতে ফোনযোগে এই সন্দৰ্ভত সোধাত তেওঁ কয়- ‘এসপ্তাহমানৰ আগতে এই ঘটনা সংঘটিত হৈছে। আমি ২ মে’ত এই ঘটনা সংঘটিত হোৱা বুলি অৱগত হৈছো। আৰু দিছপুৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে।’

মন কৰিবলগীয়া যে, দিছপুৰ কলেজৰ অধ্যক্ষ নৱজ্যোতি বৰাই কয়- ‘Dispurcollege1980@gmail.comৰ পৰা আহিছিল চেক কনফাৰ্মৰ বাবে মেইল। কিন্তু Dispurcollege1979@gmail.com হৈছে দিছপুৰ কলেজ আঁচল মেইল এড্ৰেছ।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply