গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। সোমবাৰৰ দিনটোত ৰাজ্যত ৭৬০ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। ভাল খবৰ যে সোমবাৰে ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। সোমবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৮.৯৪ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত সোমবাৰে ৮,৪৯৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৭৬০ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও ৰাজ্যত সোমাবাৰৰ দিনটোত এজনো লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা নাই।

সোমবাৰৰ দিনটোত সৰ্বাধিক ৬৪ জন লোক আক্রান্ত হৈছে ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাৰ পিছতে ৫৭ জন লোক গোৱালপাৰা জিলাত, ৫১ জন লোক বাক্সা জিলাত, ৩৭ জন লোক ধেমাজি জিলাত আৰু ৪২ জন লোক আক্রান্ত হৈছে বিশ্বনাথ জিলাত। সোমাবাৰৰ দিনটোত ৭৬০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৫,৬০৫ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।

লগতে পঢ়ক –  অসম কৃষি বিশ্ববিদ্যালয়ত ওলাইছে চাকৰি, ২ আগষ্টত walk-in-interview

ইফালে সোমবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৬৮২ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply