গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। সোমবাৰৰ দিনটোত ৰাজ্যত ৭৬৪ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আনহাতে সোমবাৰে ৰাজ্যত মৃত্যু ঘটিছে ৩ জনকৈ ক’ভিড ৰোগীৰ। সোমবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ১০.৪৬ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত সোমবাৰে ৭৬৫ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ইফালে ৰাজ্যত তিনিজনলৈ লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে।

অসমত বৰ্তমানলৈকে ৬,৬৭১ জন লোকৰ মৃত্যু হৈছে ক’ভিডত। সোমবাৰৰ দিনটোত সৰ্বাধিক ৬৫ জন লোক আক্রান্ত হৈছে গোৱালপাৰা জিলাত। গোৱালপাৰাৰ পিছতে বাক্সাত ৬১, ডিব্ৰুগড়ত ৫৯ জন, কামৰূপ মহানগৰত ৫৯ জন লোক আক্রান্ত হৈছে। ইয়াৰ বিপৰীতে দৰং, গোলাঘাট আৰু যোৰহাট জিলাত এজনকৈ ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু হৈছে।

সোমবাৰৰ দিনটোত ৭৬৪ জন লোক নতুনকৈ আক্রান্ত হোৱাত বৰ্তমান ৪,৪০৯ লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে। ইফালে সোমবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৪৩ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply