নিউজ ডেস্ক: অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক চাকৰি পৰা বৰ্খাস্ত কৰাৰ বাবে অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী।

পুনৰ চাকৰিত নিয়োগ নকৰা পর্যন্ত আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ দিছে ৰাজ্যিক পৰিবহণ কর্মচাৰী সন্থাই।

সংগঠনটোৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে কয় যে ৬ জুনৰ পৰা প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা দুপৰীয়া এক বজালৈ ৫ ঘণ্টাকৈ প্রতীকী অনশন কার্যসূচী ৰূপায়ণ কৰা হ’ব। চাকৰিৰ পৰা বৰ্খাস্ত কৰা প্ৰতিগৰাকী কৰ্মচাৰীৰ চাকৰি বাহাল ৰখাৰ সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত নোলোৱা পর্যন্ত আন্দোলন অব্যাহত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply