গুৱাহাটী: ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অহা ১৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সপ্তম বার্ষিক অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা অনুষ্ঠিত হ’ব।
বুধবাৰে কৃষি মন্ত্ৰী অতুল বৰাই এক সংবাদমেলত এই কথা সদৰী কৰি উক্ত শস্য মেলাত ম্যানমাৰ, থাইলেণ্ড, বাংলাদেশ, ভিয়েটনাম, নেপাল, ঘানা, কেনিয়া, ভূটান, ইজৰাইল আৰু কিউবাকে ধৰি বিশ্বৰ ১০খন দেশে অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে।
উক্ত মেলাই বিগত সময়ছোৱাত ৰাজ্যখনৰ কৃষি- উদ্যান শস্যখণ্ডৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলাৰ বিশাল মঞ্চত অসমৰ কৃষক, দেশ-বিদেশৰ কৃষি বিজ্ঞানী, কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ সৈতে জড়িত বিভিন্ন চৰকাৰী বিভাগ, সংস্থা, কৃষি প্রযুক্তি বিকাশ সংস্থা আদিক জড়িত কৰাই অসমৰ কৃষকৰ আৰ্থ- সামাজিক বিকাশ ত্বৰান্বিত কৰাই এই মেলাৰ মুখ্য উদ্দেশ্য বুলি কয়।
সপ্তম অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলাৰ মূল বিষয় ‘যুৱ শক্তিৰ অংশগ্রহণেৰে কৃষি উদ্যান শস্যখণ্ডৰ নৱজাগৰণ’ ৰখা হৈছে বুলি মন্ত্ৰীজনে সদৰী কৰে। এই মেলাৰ সৈতে সংগতি ৰাখি বহুকেইখন কাৰিকৰী অধিৱেশন আৰু আলোচনা-চক্রও অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।
এই আলোচনা-চক্ৰসমূহত অসমৰ উপৰি দেশৰ বিভিন্ন আগশাৰীৰ নীতি নিৰ্ধাৰক, কৃষি বিজ্ঞানী, কৃষি বিষয়ক সংস্থাৰ প্ৰতিনিধি, কেন্দ্ৰীয় আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, প্রগতিশীল কৃষক, কৃষি উদ্যোগী আদিয়ে অংশগ্ৰহণ কৰিব বুলি কৃষি মন্ত্ৰীজনে সদৰী কৰে। এই শস্য মেলাত ১০খন দেশে অংশগ্রহণ কৰাৰ সম্ভাৱনা থকাৰ কথা সদৰী কৰি মন্ত্রীজনে এইপর্যন্ত ৮খন দেশৰ অংশগ্রহণ নিশ্চিত হৈছে বুলি কয়।
লগতে পঢ়ক – বিষাক্ত সুৰা সেৱন কৰি ৩০ জনৰ মৃত্যু, উত্তপ্ত বিধানসভা