নিউজ ডেস্ক- ১০৫ কোটিটকীয়া এছচিইআৰটিৰ কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱা ৮ অভিযুক্তৰ জামিন নাকচ কৰিছে আদালতত। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা ৮ অভিযুক্তৰ জামিন নাকচ কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে।
ৰাজ্যৰ ন্যায়াধীশৰ আদালতে সাৰংগ ম’ৰ, অনুপ শইকীয়া, ৰবিজিৎ গগৈ, জয় চন্দ্ৰ লহকৰ, ড° লক্ষী নাৰায়ণ সোণোৱাল, পূজামণি দাস, ৰমিজুদ্দিন আহমেদ আৰু ৰুবুল আলীৰ জামিন নাকচ কৰিছে।
জানিব পৰা মতে, উক্ত গোচৰটোৰ তদন্ত বৰ্তমানেও অব্যাহত আছে। লগতে কেছ ডায়েৰী অধ্যয়ন কৰাৰ পিছত আদালতে অভিযুক্তকেইজনৰ জামিন নাকচ কৰে। তেওঁলোক বৰ্তমান কাৰাবন্দী হৈ আছে।
উল্লেখ্য যে, শেৱালি দেৱী শৰ্মাই ২০১৭ চনৰ পৰা ২০২২ চনলৈ সংগ্ৰহ কৰা ১০৫ কোটি টকা ব্যয় কৰাৰ হিচাপ দেখুৱায়। তেওঁ এছ চি ই আৰ টিৰ কাৰ্যালয়ত শীততাপ নিয়ন্ত্রণ যন্ত্র, শৌচাগাৰ নিৰ্মাণ, কাৰ্যালয়ৰ আন্তঃ গাঁথনি উন্নয়ন কৰা দেখুৱাই ভুৱা বিলো দাখিল কৰে। এনেবোৰ তথ্য পোহৰলৈ অহাৰ পিচতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি পূৰ্বে ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।
আনহাতে, বিগত ৯ মে’ত শেৱালি দেৱীক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰ টি আই কৰ্মী ৰবিজিৎ গগৈ, অনুপ শইকীয়া, সাংবাদিক পূজামণি দাস, ভাস্কৰজ্যোতি হাজৰিকাসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।