নিউজ ডেস্ক – মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পিছতে ৰাজ্যজুৰি বাল্য বিবাহৰ লগত জড়িত লোকসকলৰ মাজত হাহাকাৰ। ৰাজ্যত ক্ষীপ্ৰ গতিত আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান৷ বৃহস্পতিবাৰে নিশা মঙলদৈ সদৰ থানাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বাল্য বিবাহৰ লগত জড়িত থকা ৮জন ব্যক্তিক কৰায়ত্ব কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক তৎপৰ ভূমিকা ল’বলৈ নিৰ্দেশ প্ৰদানৰ পিচতেই তৎপৰ হৈছে অসম আৰক্ষী ৷ বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । অভিযান কালত বেআইনী স্বামীকে ধৰি ৭৫০ গৰাকীতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী৷
কৰায়ত্ব কৰা লোক কেইজন হ’ল বান্দিয়াৰ হুমায়ুন কবিৰ,জাৱৰিকুছিৰ ইমান আলি,মোল্লা পাৰাৰ চাহিদুল হক,জাৱৰিকুছিৰ ৰফিক আলি,বান্দিয়াৰ গিয়াছ আলি, বান্দিয়াৰ আলি হুছেইন,বান্দিয়াৰ বাহাজুদ্দিন, আৰু চমুৱাপাৰাৰ বিৰাজ কুমাৰ চহৰীয়া।
উল্লেখযোগ্য যে দৰং জিলাৰ ধুলা থানাত ৭ জন, ছিপাঝাৰ থানাত ৭ জন, খাৰুপেটীয়াত ৪ জন, দলগাওত ৫ জন আৰু মঙলদৈ থানাত 8 জন মুঠ ৩১জন জন লোকক বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগত বৰ্তমান লৈকে কৰায়ত্ব কৰে দৰং আৰক্ষীয়ে।
ইফালে, বৃহস্পতিবাৰৰ নিশাই অসম আৰক্ষীয়ে ৰাজ্যখনৰ জিলাই জিলাই চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় বহু সংখ্যক স্বামীক । বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত বেআইনী স্বামীকে ধৰি ৭৫০ গৰাকীতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ শুক্ৰবাৰে পুৱা ৯ বজালৈ বিভিন্ন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ধুবুৰী জিলাত ১৩৫ জন, কোকৰাঝাৰ জিলাত ৮৫ জন, বঙাইগাঁও জিলাত ১৭ জন, চৰাইদেউ জিলাত ৪৯ জন, মৰিগাঁও জিলাত ৬০ জন, ওদালগুৰি জিলাত ৩০ জন, নলবাৰী জিলাত ৩৪ জন স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি, যোৰহাট, কামৰূপ মহানগৰ আৰু গোৱালপাৰা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ক্ৰমে ২৫ জন, ৫৩ জন আৰু ৬৭ জন স্বামী ৷ ইয়াৰ লগতে, বৰপেটা জিলাত ৮৮ জন, মাজুলী জিলাত ১৬ জন , দৰং জিলাত ৩৩ জন আৰু হোজাই জিলাত ৯১ জন বাল্য বিবাহ কৰা বেআইনী স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।