গুৱাহাটী : মহানগৰ আৰক্ষীৰ নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান। মহানগৰীৰ যোৰাবাটত আৰক্ষীয়ে জব্দ কৰিলে ৮০০ কেজি গাঞ্জা। এখন ট্ৰাকৰ পৰা জব্দ গাঞ্জাখিনি।

ৰাজ্যজুৰি অসম আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। ইতিমধ্যে আৰক্ষীৰ অভিযানত জব্দ হৈছে কেইবা কোটি টকা।মূল্যৰ বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় সামগ্ৰী। যোৰাবাটত পুনৰ এক বৃহৎ সাফল্য লাভ কৰিলে আৰক্ষীয়ে।

লগতে পঢ়ক –  আজিও মহানগৰীৰ বহু অঞ্চল পানীৰ তলত

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে মহানগৰীৰ কাষৰীয়া যোৰাবাটত এখন ট্ৰাকৰ পৰা জব্দ কৰে ৮০০ কেজি গাঞ্জা। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply