গুৱাহাটী – ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ প্ৰায় ৯ হাজাৰ শিক্ষকৰ স্থায়ী পদ বিলুপ্তিকৰণ সন্দৰ্ভত চলি থকা ব্যাপক চৰ্চা সমালোচনাৰ মাজতে কালি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ২০২০ চনতেই এই শিক্ষকৰ পদসমূহ অপ্ৰয়োজনীয়ভাৱে ৰাখি থোৱা হৈছিল৷ এতিয়া সেইবোৰৰেই বিলুপ্তি ঘটোৱা হৈছে। যিহেতু পদসমূহ নিষ্ক্ৰিয় কৰি ৰখা হৈছে, গতিকে কোনোধৰণৰ বিত্তীয় শৃংখলা ব্যাহত হোৱাতকৈ সেয়া বিলুপ্তি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উক্ত পদসমূহত কোনো নিযুক্তি দিয়া নহয়৷
ইফালে ঠিকা-ভিত্তিক শিক্ষকসকলৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰা হৈছে৷ তাৰ বাবে আৰ অ’ পি অনুযায়ী দৰমহা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে৷ নিয়মীয়া শিক্ষকৰ দৰেই তেওঁলোকে মৰগীয়া বানচ পাব৷ কিন্তু তেওঁলোক যিহেতু ঠিকা-ভিত্তিক গতিকে তেওঁলোকৰ বাবে বিভাগত কোনো স্থায়ী পদ নাই৷’
উল্লেখ্য যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত মুঠ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে পৰ্যাপ্ত শিক্ষক৷ সম্প্ৰতি প্ৰাথমিক শিক্ষাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অনুপাত হ’ল ২১:১৷ অৰ্থাৎ ২১জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষক নিয়োজিত হৈ আছে৷ কালি গুৱাহাটীত এক সংবাদ মেল আয়োজন কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা জনায়।
প্ৰাথমিক শিক্ষাত ৰাজ্যত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ৪৯,৯০,৪৪৯গৰাকী৷ ইফালে, কৰ্মৰত শিক্ষকৰ সংখ্যা হ’ল ২,২১,২৪৯গৰাকী৷ এই সংখ্যাৰ ভিতৰত নিয়মীয়া, ঠিকা-ভিত্তিক, টিউটৰ সকলো শ্ৰেণীৰ শিক্ষক সোমাই আছে৷ তদুপৰি, ৪ হাজাৰ খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে৷ বৰ্তমান প্ৰাথমিক শিক্ষা বিভাগত নতুন শিক্ষক নিযুক্তিৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ স্পষ্টভাৱে কয়৷ যদিহে প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০ লাখতকৈ বৃদ্ধি পায় তেতিয়াহে ওপৰঞ্চি শিক্ষকৰ প্ৰয়োজন হ’ব বুলি কয় শিক্ষা মন্ত্ৰীয়ে৷
শিক্ষা মন্ত্ৰীৰ মন্তব্যত এটা কথা স্পষ্ট হ’ল যে ঠিকা-ভিত্তিক শিক্ষকসকলে নিয়মীয়াকৰণৰ দাবী জনাই আহিছে যদিও ৰাজ্যৰ ৪০ হাজাৰ শিক্ষকৰ এই দাবী পূৰণ নহ’ব৷ ইফালে যিসমূহ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নাই তেনে বিদ্যালয়লৈ অধিক সংখ্যক শিক্ষক থকা বিদ্যালয়ৰ পৰা শিক্ষক বদলি কৰা হ’ব বুলি শিক্ষা মন্ত্ৰীয়ে কয়৷
প্ৰণালীবদ্ধভাৱে এই কাম কৰা হ’ব বুলি তেওঁ কয়৷ সংবাদমেলত শিক্ষা মন্ত্ৰীয়ে আৰু কয় যে বিগত এটা দশকত ৰাজ্যত ৰ লাখ শিক্ষক নিযুক্তি দিয়া হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ সময়ৰ পৰাই ৰাজ্যৰ শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন সম্ভৱ হৈছে বুলি কয় শিক্ষা মন্ত্ৰীয়ে৷
ভাৰত চৰকাৰৰ তথ্য মতেই ৰাজ্যৰ শিক্ষা খণ্ডৰ বিকাশ ৬-ৰ পৰা ৪ নং গ্ৰেডলৈ উন্নীত হৈছে বুলি শিক্ষা মন্ত্ৰীয়ে কয়৷ আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে৷ আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ বিষয়টোত আজি শিক্ষা মন্ত্ৰীয়ে মন্তব্য কৰে৷ কেৱল অসমতেই নহয় ৰাষ্ট্ৰীয় পৰ্যায়তেই আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়িছে৷
‘মাধ্যমিক শিক্ষাত আধাতে বিদ্যালয় এৰা বা ‘ড্ৰপ আউট’ৰ হাৰ ৩০ শতাংশৰ পৰা ২০ শতাংশলৈ নিম্নগামী হৈছে৷ নিম্ন প্ৰাথমিকত ২০২১-ত ‘ড্ৰপ আউট’ আছিল ৪.৬ শতাংশ৷’