গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত ৮৩০ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আনহাতে বুধবাৰে ৰাজ্যত মৃত্যু ঘটিছে ২ জনকৈ ক’ভিড ৰোগীৰ। বুধবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ১০.৮৫ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত বুধবাৰে ৭,৬৫১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৮৩০ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ইফালে ৰাজ্যত বুধবাৰে দুজনকৈ লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে।
বুধবাৰৰ দিনটোত সৰ্বাধিক ৮৪ জন লোক আক্রান্ত হৈছে বাক্সা জিলাত। বাক্সা জিলাৰ পিছতে ৭১ জন লোক শোণিতপুৰ জিলাত, ৫৭ জন লোক ডিব্ৰুগড় জিলাত, ৫৬ জন লোক গোৱালপাৰা জিলাত আৰু ৫৬ জন লোক আক্রান্ত হৈছে নগাঁও জিলাত। ইয়াৰ বিপৰীতে যোৰহাট আৰু নলবাৰী জিলাত এজনকৈ ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু হয় বুধবাৰৰ দিনটোত।
লগতে পঢ়ক – বাদুলিপাৰত যুৱকক হত্যা: পাঁচজনক জেল হাজোতলৈ প্ৰেৰণ
বুধবাৰৰ দিনটোত ৮৩০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৫,২৪৩ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত। ইফালে বুধবাৰএ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৪৪৩ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।