নিউজ ডেস্ক: অৰুণাচল প্ৰদেশত দাদি ক’ৰা জিলাত আবদ্ধ হৈ আছে অসমৰ বহু কেইজন শ্ৰমিক। অসমৰ কিছু প্ৰৱঞ্চকে অসমৰ বিভিন্ন স্থানৰ পৰা অৰুণাচল প্ৰদেশত শ্ৰমিকৰ যোগান দি আহিছে।
প্ৰতিদিন সংবাদ কাকত প্ৰকাশ কৰা অনুসৰি, শেহতীয়া ভাৱে এক ঘটনা পোহৰলৈ আহিছে। অৰুণাচল প্ৰদেশৰ দাদি ক’ৰা জিলাৰ পাৰিং গাঁৱত দলং আৰু কালভাট নির্মাণত জড়িতত সঞ্জীৱ কামানে ২১ মে’ত অতি কৌশলৰে কৰ্মস্থলীৰ পৰা পলায়ন কৰে। সঞ্জীৱ কামানে সংবাদ মাধ্যমত জনোৱা অনুসৰি, ধেমাজি জিলাৰ গেৰুকামুখ থানাৰ অন্তর্গত ধৰ্মপুৰৰ জিতু দুৱৰা আৰু প্ৰণৱ (পণ) ভূঞাই নামৰ প্ৰৱঞ্চক দুয়োটাই অৰুণাচল প্ৰদেশৰ ঠিকাদাৰক অসমৰ শ্ৰমিকৰ যোগান ধৰি আহিছে।
অৰুণাচল প্ৰদেশৰ ঠিকাদাৰে শ্ৰমিক সকলক কোনো ধৰণৰ কামৰ বিনিময়ত এটকাও নিদিয়ে আৰু খাদ্যৰ ব্যৱস্থাও কৰি দিয়া নাই বুলি কামানে জানিবলৈ দিছে। লগতে তেওঁ কয়, শ্ৰমিকসকলে যদি মজুৰিৰ কথা কয় তেন্তে ঠিকাদৰে ধমকি দিয়ে আৰু প্ৰৱঞ্চক জিতু দুৱৰা আৰু প্ৰণৱ (পণ) ভূঞাক শ্ৰমিকৰ মজুৰি আৰু খাদ্যৰ নামত আঠ লাখ টকা দিয়া আছে বুলি জনাই।
এনেদৰে বহু সময় ধৰি চলি থকাৰ পিছত শ্ৰমিকে কাম নকৰি অসমৰলৈ এদিন গুচি আহিছিল যদিও অৰুণাচলী ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত সকলোকে মাজত বাটতে আটক কৰে। অৱশ্যে অৰুণাচলৰ আৰক্ষীয়ে শ্রমিকসকলক ন্যূনতম খাদাৰ ব্যৱস্থা আৰু চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ ঠিকাদাৰসকলক আহ্বান জনোৱাত সকলোৱে কাম কৰিবলৈ মান্তি হয় যদিও মজুৰিৰ কথা ক’লেই অৰুণাচলী ঠিকাদাৰে প্ৰৱঞ্চক দুটালৈ ঠেলী দিয়ে ।
লগতে সঞ্জীৱ কামানে কয়, অৰুণাচল প্ৰদেশত দাদি ক’ৰা জিলাৰ গাওঁবোৰত প্ৰায় অসমৰ ৮৫ জন শ্ৰমিকে অতি কষ্টৰে কাম কৰি আছে। লগতে, কামত নিয়োজিত শ্রমিকসকলৰ পৰা সকলো ম’বাইল, নথি-পত্ৰ অৰুণাচলী ঠিকাদাৰে জব্দ কৰি ৰাখিছে বুলি কয়।
জিতু দুৱৰা আৰু প্ৰণৱ (পণ) ভূঞাৰ প্ৰৱঞ্চনৰ বলী হোৱা বুলি সঞ্জীৱ কামানৰ পৰা জানিব পাৰি এতিয়া শ্ৰমিকসকলৰ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। শ্ৰমিক সকলৰ পৰিয়ালে এতিয়া গোগামুখ, গেৰুকামুখ আৰু বগীনদী থানাত জিতু দুৱৰা আৰু প্ৰণৱ ভূঞাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। লগে, প্ৰৱঞ্চক জিতু দুৱৰা আৰু প্ৰণৱ ভূঞাক অতি সোনকালে আটক কৰি শ্ৰমিক সকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।
লগতে পঢ়ক – চিকিৎসক দম্পতীৰ কাণ্ডক লৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিব মুখ্যমন্ত্ৰীয়ে