নিউজ ডেস্ক– ভাৰতত কৰোনা সংক্ৰমণৰ ঘটনা অব্যাহত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৮৬৫ জন লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজালৈ ৪,৪৪,৪৪,০১৩ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ১,৯৪৮ জন লোক সুস্থ হয়।
আনহাতে সমগ্ৰ ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক আক্রান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৭৯ শতাংশ।
ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫,৩১,৮১৮ জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৯,০৯২ জন। দৈনিক সংক্ৰমণৰ হাৰ হৈছে ০.৬৪ শতাংশ।
সমগ্ৰ ভাৰতত ১,৩৫,৮৭৩ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। বিগত ২৪ ঘন্টাত ভাৰতত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলক ধৰি মুঠ ১,০৫০ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।