ঘোষণা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ অসম ৰাজ্যিক চলচ্চিত্র বঁটা। বিভিন্ন শিতানৰ বাবে ঘোষণা এই বঁটা। কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি অভিনেত্ৰী লীমা দাসলৈ বিভিন্ন জনে লাভ কৰিলে এই বঁটা।

কোনে, কি শিতানত লাভ কৰিলে এই বঁটা?

‘জোনাকী পৰুৱা’ ছবিলৈ শ্রেষ্ঠ ছবিৰ সন্মান।

‘জোনাকী পৰুৱা’ ছবিলৈ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা বঁটা।

শ্রেষ্ঠ নিৰ্দেশনাৰ বাবে ভাস্কৰ হাজৰিকালৈ ‘ব্রজেন বৰুৱা বঁটা’।

‘আমিষ’ ছবিখনৰ বাবে ভাস্কৰ হাজৰিকালৈ এই বঁটা।

নৱাগত পৰিচালকৰ বাবে অনুপম কৌশিক বৰালৈ ‘আব্দুল মজিদ বঁটা’।

‘বৰনদী ভটিয়াই’ ছবিখনৰ বাবে অনুপম কৌশিকলৈ এই বঁটা।

তৰালী শৰ্মা, কুৱান বেলৈ যুটীয়াভাৱে ‘পাৰ্বতী প্রসাদ বৰুৱা বঁটা’।

শ্রেষ্ঠ সংগীত পৰিচালকৰ বাবে দুয়োগৰাকীলৈ এই বঁটা। ছবি আমিষৰ বাবে এই বঁটা।

শ্রেষ্ঠ অভিনেতাৰ বাবে বেঞ্জামিন দৈমাৰীলৈ ‘নটসূৰ্য্য ফণী শৰ্মা বঁটা’।

‘জোনাকী পৰুৱা’ ছবিখনৰ বাবে বেঞ্জামিন দৈমাৰীলৈ এই বঁটা।

শ্রেষ্ঠ অভিনেত্রীৰ বাবে লিমা দাসলৈ ‘আইদেউ সন্দিকৈ বঁটা’।

‘আমিষ’ ছবিখনৰ বাবে লিমা দাসলৈ এই বঁটা।

শ্রেষ্ঠ নৱাগত অভিনেতাৰ বাবে জিতুমণি কলিতালৈ ‘বিজু ফুকন বঁটা’।

‘পখিলাৰ পাখি’ ছবিৰ বাবে জিতুমণি কলিতালৈ এই বঁটা।

শ্রেষ্ঠ নৱাগতা অভিনেত্রীৰ বাবে দৰথী ভৰদ্বাজলৈ ‘বিদ্যুৎ চক্রৱৰ্তী বঁটা’।

‘বৰনদী ভটিয়াই’ ছবিৰ বাবে দৰথী ভৰদ্বাজলৈ এই বঁটা।

শ্রেষ্ঠ শিশু শিল্পীৰ বাবে আশ্রমিকালৈ ‘মাষ্টাৰ সিদ্ধাৰ্থ বঁটা’।

‘ৰত্নাকৰ’ ছবিৰ বাবে আশ্রমিকালৈ এই বঁটা।

‘ৰত্নাকৰ’ ছবিলৈ শ্রেষ্ঠ জনপ্রিয় ছবিৰ সন্মান।

ৰত্নাকাৰ ছবিখনলৈ ‘বিজয় শংকৰ বঁটা’ ঘোষণা।

শ্রেষ্ঠ নেপথ্য গায়কৰ বাবে জুবিন গাৰ্গলৈ ‘ৰুদ্র বৰুৱা বঁটা’।

‘কাঞ্চনজংঘা’ ছবিৰ বাবে জুবিন গাৰ্গলৈ এই বঁটা।

শ্রেষ্ঠ নেপথ্য গায়িকাৰ বাবে অনন্যা দত্তলৈ ‘প্রতিমা পাণ্ডে বৰুৱা বঁটা’।

‘প্রতিঘাট’ ছবিৰ বাবে অনন্যা দত্তলৈ এই বঁটা।

শ্রেষ্ঠ গীতিকাৰৰ বাবে ৰাজদ্বীপলৈ ‘ড০ নিৰ্মলাপ্রভা বৰদলৈ বঁটা’।

‘প্রতিঘাট’ ছবিখনৰ বাবে ৰাজদ্বীপলৈ এই বঁটা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply