গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৯৫ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও দিনটোত ৰাজ্যত মৃত্যু হৈছে এজনো ক’ভিড ৰোগীৰ। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ২.৪৩ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত বৃহস্পতিবাৰে ৩,৯২৫ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৯৫ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও দিনটোত এজনো ক’ভিড আক্রান্ত মৃত্যু হোৱা নাই।

দিনটোত সৰ্বাধিক ১৩ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ১১ জন লোক ডিব্ৰুগড় জিলাত, ১১ জন লোক তিনিচুকীয়া জিলাত, ৮ জন লোক কামৰূপ গ্ৰাম্য জিলাত আৰু ৭ জন লোক আক্রান্ত হৈছে গোৱালপাৰা জিলাত। বৃহস্পতিবাৰৰ দিনটোত ৯৫ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯৬৫ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।

লগতে পঢ়ক – উত্তৰ-পূবৰ ৭ জন শিক্ষকক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় শিক্ষক বঁটা

ইফালে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১০৭ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। ভাল খবৰ যে দিনটোত ৰাজ্যত মৃত্যু হোৱা নাই এজনো ক’ভিড ৰোগীৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply