নিউজ ডেস্ক- বিদ্যুত ব্যৱস্থাই সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে। অস্বাভাৱিক বিদ্যুতৰ মাচুল বৃদ্ধিয়ে ৰাইজৰ মাজত হাহাকাৰ লাগিছে।

জানিব পৰা মতে, মহানগৰীৰ বামুণীমৈদামৰ আকাশীনগৰৰ এটা পৰিয়াললৈ অহা এমাহৰ বিদ্যুত বিলে ৰাইজৰ চকু কপালত তুলিছে। বিগত ১ জুনত এ পি ডি চি এলৰ ফালৰ পৰা আকাশীনগৰ নিবাসী ইছুদ্দিন আহমেদলৈ মে’ মাহৰ ১৩,০৪,২০৮ টকাৰ বিল আহিছে। ৰইছুদ্দিন আহমেদৰ লগতে তেওঁৰ পৰিয়াল বৰ্গই বৃহৎ পৰিমাণৰ ধনৰ এই বিল দেখি হতভম্ব হৈ পৰিছে।

উল্লেখ্য যে বিগত সময়ছোৱাত প্ৰতিমাহে এই ব্যক্তিগৰাকীয়ে ১২০০ৰ পৰা ১৭০० টকা বিদ্যুৎ বিল পৰিশোধ কৰি আহিছে। তেনেস্থলত হঠাৎ এই বিল অহাত বিপদত পৰিছে ব্যক্তিজন। এই সন্দৰ্ভত তেওঁ এ পি ডি চি এলৰ কাষ চাপিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply