নিউজ ডেস্ক: সিদিনা তাৰিখ আছিল ৯ মে, ২০১৪ চন। স্থান: অসম চিকিৎসা মহাবিদ্যালয় চৌহদ। পুৱাই ডিঙিৰ থেটিস্কোপডাল বেগত ভৰাই লৈ নিশাৰ কৰ্তব্য সামৰি ঘৰলৈ বুলি সাজু হৈছিল তেওঁ। কোনেনো জানিছিল, সেয়াই আছিল তেওঁৰ বাবেও জীৱনৰ সামৰণি! প্ৰায়েই কথা পতা সহকৰ্মী চিকিৎসক ডাঃ দীপমণি আৰু একেখন চিকিৎসালয়ৰে ৱাৰ্ডবয় কিৰো মেচৰ এক ভয়ংকৰ ৰূপৰ মুখামুখি হৈছিল তেওঁ। তাৰ পিছৰখিনি আজি ইতিহাস। ৯ বছৰীয়া অব্যক্ত বেদনাভৰা এক ৰক্তাক্ত ইতিহাস। এই কাহিনী এগৰাকী প্ৰচুৰ প্ৰতিভাৱান যুৱ চিকিৎসক ডাঃ সৰিতা তাছনিৱালৰ। অকালতে হেৰাই যোৱা এগৰাকী চিকিৎসকৰ কাহিনী। আপুনি মই, সংবাদ মাধ্যমে এইবোৰ পাহৰি গলো যদিও বুকুত গধুৰ শিল লৈ ন্যায়পালিকাৰ প্ৰতি আস্থা ৰাখি যুঁজি গ’ল এহাল কন্যাহাৰা পিতৃ-মাতৃয়ে। বছৰৰ পিছত বছৰ বাগৰিছে। অধিবক্তা কিম্বা ন্যায়াধীশ সলনি হৈছে। জামিন লৈ দুয়োগৰাকী অভিযুক্তই অতিবাহিত কৰি গৈছে স্বাভাৱিক জীৱন।
কি হৈছিল সিদিনা?
তদানীন্তন জিলা আৰক্ষী অধীক্ষক ৰাণা ভূঞাই ‘দ্য টেলিগ্ৰাফ’ কাকতক দিয়া সাক্ষাত্কাৰত কৈছিল– ৮ মে’ৰ নিশা সৰিতাৰ সৈতে দীপমণি কৰ্তব্যত আছিল যদিও তেওঁ অসুস্থতাৰ কাৰণে ৱাৰ্ডৰ পৰা প্ৰায় ১০ মান বজাত ওলাই যায়। যোৱাৰ আগতে তেওঁ কৰ্তব্যত থকা কিৰো মেচক সেই নিশাই “কামটো শেষ” কৰিবলৈ সোঁৱৰাই দিলে। সেই অনুসৰি ৯ মে’ৰ পুৱা ২ বজাত মেচে সাৰ পাইছিল যদিও ৰোগী আৰু কৰ্তব্যৰত নাৰ্ছ সাৰে থকাত “কামটো” সম্পন্ন কৰিব নোৱাৰিলে।
মেচৰ উদ্ধৃতি দি আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছিল যে ৱাৰ্ডবয়টোৱে ৯ মে’ৰ পুৱা প্ৰায় ৫.৩০ বজাত নাৰ্ছগৰাকীক জগাই ৰোগীসকলক চোৱাচিতা কৰাৰ কথা কয়। নাৰ্ছগৰাকীয়েও সেইমতে কাৰ্যসম্পাদন কৰি ঘৰলৈ যায়। তাৰ পিছত মেচে নিয়মিত কৰাৰ দৰেকৈ কাষৰে মেট্ৰনৰ চেম্বাৰলৈ গৈ ৱাৰ্ডৰ ৰেজিষ্টাৰ জমা কৰে, বাটত দুজন ব্যক্তিগত নিৰাপত্তাৰক্ষীক লগ পায়, তেওঁলোকক সময় সোধে। এইবোৰ কথা নিৰাপত্তাৰক্ষীয়ে স্বীকাৰো কৰিছিল সেই সময়ত।
তেওঁ হেনো কৈছিল, তেওঁ ব্লাড বেংকৰ কাষত দীপমণিক লগ পায়, দীপমণিয়ে তেওঁক সোধে– নাৰ্ছগৰাকী ঘৰলৈ গ’ল নে নাই।
ৰেজিষ্টাৰ জমা কৰি মেচে ইউনিটলৈ উভতি আহি দেখে যে নাৰ্ছ আৰু লেডী ডাক্তৰৰ বাবে থকা ৰেষ্ট ৰূমত বিচনাত শুই আছে ডাঃ সৰিতা।
আৰক্ষীয়ে কোৱামতে, এইসময়খিনিতে গ্ল’ভছ পিন্ধি ডাঃ দীপমনিও বেলেগ পথেৰে চিচিটিভি কেমেৰাত ধৰা নপৰাকৈ এন আৰ এইচ এমৰ কাৰ্যালয়ৰ মাজেৰে পাৰ হৈ ইউনিটটোত উপস্থিত হয়। ইউনিটটোৰ দুৱাৰ বন্ধ কৰি দিয়ে।
কিৰো মেচৰ উদ্ধৃতি দিয়েই আৰক্ষীয়ে কয়– ৱাৰ্ডবয়টোৱে প্ৰথমে সৰিতাক ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰে। কিন্তু ডাঃ সৰিতাই সাৰ পাই মেচৰ এটা আঙুলি কামুৰি নিজকে বচাবলৈ চেষ্টা কৰিলে। তাই তাৰ মুখত নখেৰে আচুৰি দিয়ে আৰু সহায় বিচাৰি চিঞৰি উঠে। চিঞৰ শুনি ইউনিটত ভৰ্তি হৈ থকা যোৰহাটৰ এজন ৰোগীৰ এজন এটেণ্ডেণ্টে সোমাবলৈ চেষ্টা কৰে যদিও দুৱাৰখন বন্ধ হৈ থকা দেখি মাতটো আন কোনো ৱাৰ্ডৰ পৰা আহিছে বুলি আৰু ডাক্তৰ আৰু ষ্টাফ শুই আছে বুলি ভাবি ওলাই যায়।
মেচে কৈছিল যে সৰিতাৰ চিঞৰ শুনি কোনোবা ৰোগীয়ে জিৰণিকোঠাৰ ভিতৰলৈ আহিব পাৰে বুলি ভয়ত দিপমণি আৰু তেওঁ সৰিতাক ধৰি বিচনাৰ তলত ঠেলি দি একেলগে ডিঙি চেপি ধৰে। কিৰো মেচে ডাঃ সৰিতাৰ বুকুত বহি লয় আৰু দীপমণিয়ে ভৰিত। মেচে লগতে স্বীকাৰোক্তি দিছিল যে দীপমনিয়ে সৰিতাক যৌন নিৰ্যাতনো চলাইছিল আৰু তাৰ পিছত ষ্টেথ’স্কোপ ব্যৱহাৰ কৰি মৃত্যু হোৱা বুলি নিশ্চিত কৰিছিল। তাৰ পিছত মেচ আৰু দীপমনিয়ে একেলগে মৃতদেহটো বিচনাত থৈ কম্বল এখনেৰে ঢাকি দিয়ে। ইয়াৰ পিছত যি পথেৰে আহিছিল সেই বাটটো লৈ দিপমনি গুচি গ’ল।
অৱশ্যে মেচে তাইৰ মৃত্যুৰ কথা নিশ্চিত হ’ব বিচাৰি চেপ্টিক ৱাৰ্ডলৈ গৈ অস্ত্ৰোপচাৰৰ কৰা ব্লেড এখন আনি সৰিতাৰ ডিঙিত সুমুৱাই দিয়ে।
উল্লেখ্য যে সৰিতা হত্যাকাণ্ডৰ সময়ত হাস্পতালৰ অস্থায়ী কৰ্মচাৰী হৈ থকা কিৰো মেচক চাকৰি নিয়মীয়াকৰণৰ প্ৰস্তাৱ দিছিল ডাঃ দীপমণিয়ে। তাৰ বিনিময়ত বিচাৰিছিল ডাঃ সৰিতা তছনিৱালৰ হত্যা।
তাৰ পিছত?
আৰক্ষীৰ ভুমিকা
প্ৰথমে কিৰো মেচক আটক কৰে আৰক্ষীয়ে। কিৰো মেচৰ বঙাল গাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে সৰিতাৰ মোবাইল ফোন। AMCHৰ পিছফালৰ এখন চাহ বাগিছাৰ পৰা জব্দ কৰে মোবাইলৰ ছিম কাৰ্ড। আৰক্ষীৰ জেৰাত কিৰো মেচৰ স্বীকাৰোক্তি। কাজেই গ্ৰেপ্তাৰ হয় ডাঃ দীপমণি শইকীয়া। আনকি সেই সময়ত ডাঃ দীপমণি শইকীয়াই ডাঃ সৰিতাক হত্যা কৰাৰ কথা আদালতত স্বীকাৰ কৰে।
১৯ মে’ত সমগ্ৰ ঘটনাৰ তদন্ত CID লৈ হস্তান্তৰ কৰা হয়। পিছে ৪-৫ মাহ যোৱাৰ পাছতো CID য়ে দাখিল কৰা নাছিল চাৰ্জশ্বীট। ইয়াৰ পিছতেই জামিনত মুক্তি লাভ কৰে দুয়োজন অভিযুক্তই।
তাৰ পিছতেই অৱধাৰিতভাৱেই ধৰ্ণা, প্ৰতিবাদ, হৈ হাল্লা, নিউজ চেনেলত নিউজ, টক-শ্বো আদি ইত্যাদি। লাহে লাহে সময় বাগৰিল। ডাঃ সৰিতাও পাহৰণিৰ গৰ্ভত পৰিল। বুকুত একুৰা জুই লৈ অসম ত্যাগ কৰিলে সৰিতাৰ পিতৃ-মাতৃয়ে।
৯ বছৰ পাছত….
ডাঃ সৰিতা তস্নিৱালৰ চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰে চলিত মাহৰ ৯ মে’ত ৯ বছৰ গৰকিলে। যোৱা ১২ মে’ত ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতে চূড়ান্ত ৰায় ঘোষণা কৰা কথা আছিল যদিও অভিযুক্ত ৱাৰ্ড বয় কিৰো মেচৰ অসুস্থতাৰ বাবে আদালতে ৰায়দানৰ দিন পিছুৱাব লগীয়া হ’ল। তাৰপাছত এই গোচৰটোৰ বাবে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে ১৭ মে’ তাৰিখে ঘোষণা কৰিলে চূড়ান্ত ৰায়দান।
আকাঙ্খিতভাৱে ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা, কিৰো মেচক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ ৰ অধীনত দোষী সাব্যস্ত। ৱাৰ্ডবয় কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছে আদালতে। অধিবক্তাই জনোৱামতে, উপযুক্ত প্ৰমাণৰ অভাৱত ডাঃ দীপমণি শইকীয়াক ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে নিৰ্দোষী ঘোষণা কৰিছে।
অৱশেষত ডাঃ সৰিতা তস্নিৱাল আৰু তেওঁৰ পৰিয়ালে ন্যায় লাভ কৰিলে। কিন্তু আদালতৰ ৰায়দানত সন্তুষ্ট নহয় সৰিতা তস্নিৱালৰ পৰিয়ালৰ লোক।
এতিয়া প্ৰশ্ন হয়, দেশ কঁপাই যোৱা এক নৃশংস হত্যাকাণ্ডৰ ন্যায় প্ৰক্ৰিয়া ইমান লেহেমীয়া কিয়? কেৱল সৰিতা তাস্নিৱাল হত্যাকাণ্ডই নহয় দেশ তথা ৰাজ্যত এনে বহু ঘটনা আছে যি এতিয়াও আদালতত এটা বন্ধ ফাইলৰ ভিতৰত আছে।