নিউজ ডেস্ক- আজি গুৱাহাটীৰ উলুবাৰীস্থিত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ সভাকক্ষত আয়োজিত এক অনুস্থানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকে।
তেওঁ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত নতুনকৈ নিযুক্তি পোৱা ১২৯ গৰাকী উপ-পৰিদৰ্শকক প্ৰশিক্ষণ অনুষ্ঠানৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে৷

মন্ত্ৰীগৰাকীয়ে, বানপানীকে আদি কৰি বিভিন্ন প্ৰতিকূল পৰিস্থিতিত আৰ্তজনক পোনপটীয়াকৈ সহায় কৰা এই বিভাগত নিযুক্তি পোৱা প্ৰতিগৰাকী উপ-পৰিদৰ্শকক সমৰ্পিত মনোভাৱেৰে ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়৷

উক্ত উদ্বোধনী অনুস্থানত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব অনুসূয়া দত্ত বৰুৱা আৰু আয়ুক্ত আনন্দ কুমাৰ দাস উপস্থিত থাকে৷