মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ পাৱৈ ৰে’ল ষ্টেচনৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এটি শিশু।
জব্বৰ খান নামৰ বাইক আৰোহী জনে মাৰ্ঘেৰিটাৰ পৰা ডিগবৈ অভিমূখে গৈ থকা অৱস্থাত পাৱৈ ৰেল ষ্টেচনৰ সমীপত AS23AF6571 নম্বৰৰ তীব্ৰবেগী বাইকখনে পাৱৈ চাহ বাগিছাৰ নাগাপাৰ অঞ্চলৰ ৰাজ ওৰাং নামৰ ৭ বছৰীয়া শিশুজনক খুন্দা মৰাত শিশুজন থিতাতে নিহত হয়।
ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মৃত শিশুজনক উদ্ধাৰ কৰাৰ লগতে উদণ্ড বাইক চালকজনক আটক কৰে। লগতে দুৰ্ঘটনাত পতিত বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাই এতিয়া অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।