ছায়গাঁও : অষ্টম শ্ৰেণীৰ ছাত্ৰীক পাঁচ জনীয়া যুৱকৰ দলৰ আক্ৰমণ। যুৱকৰ দলটোৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈ চিকিৎসাধীন ছাত্ৰী গৰাকী। যুৱকৰ দলটোৰ পৰা ছাত্ৰী গৰাকীক ৰক্ষা কৰিবলৈ যোৱা পৰিয়ালৰ লোককো আক্ৰমণ।
কামৰূপ জিলাৰ অন্তৰ্গত গৰৈমাৰীৰ হাতীশলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাতীশলা আঞ্চলিক এম ই মাদ্ৰাছাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক পাঁচ জনীয়া যুৱকৰ দল এটাই পথৰ ওপৰতে আক্ৰমণ চলাই গুৰুত্বৰভাৱে আহত কৰে।
ছাইফুল ইছলাম নামৰ এজন যুৱকৰ নেতৃত্বত পাঁচ জনীয়া যুৱকৰ দলটোৱে ছাত্ৰী গৰাকী বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা সময়ত আক্ৰমণ কৰে। ছাত্রী গৰাকীক যুৱকৰ দলটোৰ পৰা ৰক্ষা কৰিবলৈ যাওঁতে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোককো দলটোৱে আক্ৰমণ কৰে।
লগতে পঢ়ক – গোৰেশ্বৰৰ বেঙেনাআটীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সত্ৰ সভা
ছাত্রী গৰাকীৰ পৰিয়ালে অভিযোগ কৰে যে ছাইফুল ইছলামৰ প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই ছাত্ৰী গৰাকীক যুৱকৰ দলটোৱে আক্ৰমণ কৰে। ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে আক্ৰমণকাৰী যুৱক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।