গুৱাহাটী : গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত এজন ইমামক নৃশংসভাৱে হত্যা কৰা হৈছে। নিশা ডকাইতৰ দল এটাই সংঘটিত কৰে এই হত্যাকাণ্ড।
গুৱাহাটীবাসী ৰাইজক নিৰাপত্তা প্ৰদানত সম্পূৰ্ণ ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী। এটাৰ পিছত আনটো অপৰাধজনীত ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। হত্যা, ডকাইতি, চুৰি যেন সাধাৰণ ঘটনাৰ পৰিণত হৈছে গুৱাহাটী মহানগৰীত।
মহানগৰ আৰক্ষীৰ ব্যৰ্থতাৰ আন এক উদাহৰণ হ’ল হাতীগাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড। হাতীগাঁৱৰ ফ্রেণ্ডছ পথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। ফ্রেণ্ডছ পথৰ ৪২ নং ঘৰত নিশা জৈনুদ্দিন আহমেদ নামৰ এজন ইমামক হত্যা কৰে ডকাইতৰ দলে।
ডকাইতিকাণ্ড সংঘটিত কৰিবলৈ অহা ডকাইতৰ দলে ইমাম জৈনুদ্দিন আহমেদক হত্যা কৰি লুটি নিয়ে বহু সম্পত্তি। হত্যাৰ বলি হোৱা ইমান জৈনুদ্দিন আহমেদৰ ছিপাঝাৰৰ বাসিন্ধা। মহানগৰীত ইমামজনৰ গেলামালৰ দোকান আছে।
লগতে পঢ়ক – সাংবাদিক ৰাজু বৰুৱাৰ চিকিৎসাৰ বাবে বিধায়ক পদ্ম হাজৰিকাই আগবঢ়ালে ২ লাখ টকাৰ অনুদান
ফ্রেণ্ডছ পথৰ ৪২ নং ঘৰৰ গৰাকী আব্দুল হক নামৰ এজন প্ৰাক্তন অভিযন্তা। প্ৰাক্তন অভিযন্তাজনে ইমামজনক ঘৰৰ ৰখীয়া হিচাপে ৰাখি চিকিৎসাৰ বাবে বাহিৰলৈ গৈছে। নিশা ডকাইতৰ দলে ডকাইতি সংঘটিত কৰিবলৈ আহি ইমামজনক হত্যা কৰে।