মাহতলী (দৰং)ৰ পৰা দিগন্ত শৰ্মা

দৰিদ্ৰতাপিষ্ট এটি পৰিয়ালৰ দুটি কোঠালিৰ ঘৰটোত ইফালে-সিফালে থৰক-বৰক খোজেৰে ঘূৰি ফুৰা  ২২ বছৰীয়া এগৰাকী কন্যা। যুৱতীগৰাকীয়ে যে কোনোমতে শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰি চলা-ফুৰা কৰে তেনে নহয়, মাত কথাবোৰতো উচ্চাৰণৰ স্বাভাৱিকতা নাই। যিগৰাকী যুৱতীয়ে নিজৰ নামটোও ভালদৰে উচ্চাৰণ কৰোতে খোকোজা লাগে।

আশ্বৰ্যজনক অথচ এক ভাললগা কথা যে যিগৰাকী ছোৱালীয়ে ভালদৰে খোজকাঢ়িব নোৱাৰে, যিয়ে ভালদৰে কথা ক’ব নোৱাৰে – সেইগৰাকী ছোৱালীয়েই এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে  উত্তীৰ্ণ  হ’ল৷ শিক্ষাতত্ত্ব বিভাগত মেজৰসহ প্ৰথম শ্ৰেণী লাভ কৰি বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ অধিকাৰী হ’ল। যুৱতী গৰাকীৰ নাম মনীষা ৰাজবংশী৷ এফালে আৰ্থিক আৰু আনফালে শাৰীৰিক প্ৰত্যাহ্বান, এই দুই বাধা নেওচি, কঠোৰ শ্ৰম সাধনাৰে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী অৰ্জন কৰি যুৱতীগৰাকী আনৰ বাবে হৈ পৰিল অমল প্ৰেৰণাৰ উৎস৷ অথচ সেই দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ ওচৰত নাই কোনো স্নাতক মহাবিদ্যালয়। ঘৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৈৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি জীৱনৰ শাৰীৰিক আৰু আৰ্থিক প্ৰত্যাহ্বান অতিক্ৰমী এইগৰাকী কন্যাই শৈক্ষিক ক্ষেত্ৰত দৃঢ় খোজ দিবলৈ সক্ষম হোৱাটো এক অনন্য সফল যাত্ৰা।

উল্লেখ্য যে দৰং জিলাৰ বোনমাঝা গাঁও পঞ্চায়তৰ অন্তৰ্গত মাহতলী গাঁৱৰ বাসিন্দা ধনেশ্বৰ ৰাজবংশীৰ কন্যা মনীষা ৰাজবংশী জন্মৰে পৰাই এনে ৰোগত আক্ৰান্ত হৈছিল যে শাৰীৰিক সঞ্চালনত বাধা আহি পৰিছিল। বহু চিকিৎসায়ো মনীষাৰ শৰীৰ সুস্থ কৰিব পৰা নাছিল। অৱশেষত মনীষা “লকম’টৰ” ৰোগত আক্ৰান্ত এগৰাকী দিব্যাংগ বুলি চিহ্নিত হৈছিল। তাৰ পিছতো পিতৃ-মাতৃয়ে সিদ্ধান্ত লৈছিল – মনীষাক স্কুলত নামভৰ্তি কৰাই দিব৷

খোজ কাঢ়িব নোৱাৰা মনীষাক কোলাত তুলি নিছিল স্কুললৈ’…

চিকিৎসকৰ মতে ষাঠী শতাংশতকৈ অধিক দৈহিক প্ৰতিবন্ধকতা থকা মনীষাক ছবছৰ বয়সত অশেষ কষ্টেৰে স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল পিতৃ-মাতৃয়ে। পুৱা প্ৰাথমিক বিদ্যালয়লৈ খোজ কাঢ়িব নোৱাৰা মনীষাক কোলাত তুলি নি বিদ্যালয়ত থৈ আহিছিল মাতৃ তৰুলতা ৰাজবংশী আৰু পিতৃ ধনেশ্বৰ ৰাজবংশীয়ে। বিদ্যালয় ছুটীৰ পাছত একেদৰেই মনীষাক ঘৰলৈ লৈ আহিছিল। যেতিয়া পিতৃ মাতৃয়ে দিন হাজিৰা কৰিবলৈ যায় তেতিয়া মনীষাৰ স্কুললৈ যোৱা বন্ধ হৈছিল। অৱশ্যে ঘৰতে পিতৃ- মাতৃয়ে মনীষাক কিছু পঢ়ুৱাইছিল। এনেদৰে প্ৰাথমিক শিক্ষা শেষ হোৱাৰ পিছত ডেৰ কিলোমিটাৰ নিলগৰ বামুনঝাৰ মধ্য ইংৰাজী বিদ্যালয়ত মনীষাক নামভৰ্তি কৰোৱা হৈছিল।

কিশোৰী মনীষাক ঘৰৰ পৰা স্কুললৈ ডেৰ কিলোমিটাৰ বাট কেতিয়াবা বোকোচাত তুলি, কেতিয়াবা চাইকেলত তুলি স্কুললৈ অনা নিয়া কৰিছিল পিতৃ ধনেশ্বৰ ৰাজবংশীয়ে। কেৱল এয়াই নহয়, হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্যন্ত মনীষাক পিতৃয়ে চাইকেলত তুলি প্ৰতিদিনে অনা নিয়া কৰিছিল। যাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকৰ্তা ধনেশ্বৰ ৰাজবংশীয়ে প্ৰায়ে দিন-মজুৰি কৰিবলৈ যাব নোৱাৰা হৈছিল। তৎসত্ত্বেও দুই পিতৃ-মাতৃয়ে  আন সময়ত ইটো সিটো কাম কৰি উপাৰ্জন কৰিছিল।
মনীষাৰ মাতৃ তৰুলতা ৰাজবংশীয়ে কাপোৰ বৈ বিক্ৰী কৰিও ধন উপাৰ্জন কৰিছিল৷ সমান্তৰালকৈ মনীষা আৰু একেসময়তে আন দুই পুত্ৰক স্কুললৈ পঠিয়াইছিল। পিছে মনীষাই বিদ্যালয়ত বিশেষ একো কথা ক’ব পৰা নাছিল, পাঠ পঢ়িব পৰা নাছিল যদিও আটাইখিনি পাঠ্যপুথিৰ সকলো কথা বুজিছিল। অৱশ্যে লিখাত কিছু লেহেমীয়া আছিল মনীষা। তথাপি বহু কষ্টৰে ২০১৫ চনত মনীষা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সকলোকে আচৰিত কৰি ৫৪ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল। মনীষাৰ এই ফলাফলে কেৱল সেই ঘৰখনলৈয়ে নহয়, অঞ্চলটোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছিল। উজ্জীৱিত কৰিছিল ধনেশ্বৰ- তৰুলতাৰ সংসাৰক।

ইয়াৰ পিছত ঘৰৰ পৰা দুই কিলোমিটাৰ নিলগৰ বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ত মনীষাক উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰাই দিছিল পিতৃ-মাতৃয়ে। পুনৰ এখন সংগ্ৰামত ব্ৰতী হৈছিল পিতৃ-মাতৃ। আকৌ আগৰ দৰেই চাইকেলত অনা-নিয়া আৰম্ভ কৰিলে মনীষাক দেউতাকে। পিতৃৰ কষ্ট সাৰ্থক কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো মনীষাই ৫৬ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। প্ৰতিটো মুহূৰ্তৰ দৈহিক প্ৰত্যাহ্বান নেওচি মনীষাই লাভ কৰা এই ফলাফলে পৰিয়ালটোক আৰু মনীষাক উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। ইয়াৰ বিপৰীতে আন এচাম লোকে মনীষাই দূৰৈৰ কলেজলৈ গৈ পঢ়িলে বহু কষ্ট হ’ব বুলি পঢ়িব নালাগে বুলিয়েই মন্তব্য দিছিল। কিন্তু পিতৃ-মাতৃয়ে সেই কন্যা সন্তানক উচ্চ শিক্ষা দিবলৈ এনেদৰে আগ্ৰহী হৈ উঠিল যে ঘৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৈৰ তামুলপুৰ (পূৰ্বৰ বাগ্সা) জিলাৰ অন্তৰ্গত গোৰেশ্বৰ মহাবিদ্যালয়ত স্নাতক শাখাত নামভৰ্তি কৰাই দিছিল। কেৱল এয়াই নহয়, মনীষাই আগ্ৰহেৰে শিক্ষাতত্ত্ব বিভাগত মেজৰৰ আসনৰ বাবে আবেদন কৰিছিল আৰু মেজৰ লাভ কৰিছিল। পিচে ঘৰৰ পৰা পোন্ধৰ কিলোমিটাৰ দূৰৈৰ মহাবিদ্যালয়লৈ মনীষাই অহা যোৱা কৰাত জটিলতা আহি পৰিছিল৷ দৰিদ্ৰ পৰিয়ালটোৰ কোনো ব্যক্তিগত বাহন ক্ৰয় কৰাৰো ক্ষমতা নাছিল। শৰীৰ সঞ্চালনাৰ ক্ষেত্ৰত ৬০ শতাংশ বাধাগ্ৰস্থতা থকাৰ পিছতো ঘৰৰ পৰা ১৫ কিলোমিটাৰ দূৰৈৰ মহাবিদ্যালয়লৈ দৈনিক অহা যোৱা কৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবে সাজু হোৱাটোৱেই আছিল ডাঙৰ প্ৰত্যাহ্বান।

পিতৃ-মাতৃ দুয়োৰো বিশেষ শিক্ষা নাছিল যদিও কন্যাক উচ্চ শিক্ষাৰে শিক্ষিত কৰোৱাৰ আছিল প্ৰবল হাবিয়াস। আৰ্থিক অনাটন নেওচি এই শৈক্ষিক যাত্ৰাৰ বাবে আগবঢ়া পিতৃ-মাতৃৰ আগ্ৰহক আৰু সপোনক সাকাৰ কৰিবলৈ মনীষাও সাজু হৈ উঠিছিল। গোৰেশ্বৰ মহাবিদ্যালয়ত স্নাতক মহলাত নামভৰ্তি কৰাৰ পিচৰে পৰা প্ৰায় প্ৰতিদিনে মনীষাক পিতৃ ধনেশ্বৰ ৰাজবংশীয়ে চাইকেলৰ পিছফালে বহুৱাই লৈ কিছু দূৰৈৰ আন্ধেৰীঘাটলৈ যায়। তাৰ পৰা গোৰেশ্বৰলৈ যোৱা ট্ৰেকাৰ বা ডিজেল অটোত মনীষা উঠে। গোৰেশ্বৰত নামি পুনৰ ৰিক্সাত উঠি মনীষা কলেজ পায়। সহায় কৰি দিয়ে কোনো ৰিক্সা চালক বা কোনো সহপাঠীয়ে। কলেজৰ পৰা উভতি আহি মনিষা আন্ধেৰীঘাটত গাড়ীৰ পৰা নামে। গাড়ীৰ পৰা নামোতেও কোনো লোকে সহায় কৰি দিয়ে। ইয়াৰ পিছত মনীষাৰ বাবে ৰৈ থকা দেউতাকে চাইকেলত তুলি ঘৰলৈ লৈ আহে! এনেকৈয়ে  মনীষাৰ কলেজীয়া জীৱন অব্যাহত আছিল। আনহাতে, কলেজত ৭০ শতাংশতকৈ  কম উপস্থিত থাকিলেও জৰিমনা ভৰিব লগা হয়। সেয়ে কলেজলৈ  যোৱাটোও বাধ্যতামূলক আছিল। পিতৃ ধনেশ্বৰ ৰাজবংশীয়ে এই প্ৰতিবেদকক কৈছিল – ‘মনীষাক কলেজলৈ যাবলৈ থৈ অহা বা কলেজৰ পৰা আহোতে চাইকেলত তুলি অনা কামটো কৰিবলগীয়া হোৱা বাবে মই দিন-মজুৰি কৰা কামটোও বন্ধ কৰি দিবলগীয়া হৈছিল। ইয়াৰ পৰিবৰ্তে আন কাম কৰি কোনোমতে পৰিয়াল চলাইছিলো। মনীষাৰ বাবে প্ৰয়োজনীয়  ধন বৰ কষ্টৰে যোগাৰ কৰিব লাগীয়া হৈছিল।  তথাপিও মনীষাৰ উচ্চ শিক্ষাৰ বাট বন্ধ হ’বলৈ নিদিলো।’

আনহাতে মনীষাৰ মাতৃ তৰুলতা ৰাজবংশীয়ে কৈছিল, ‘মই ৰাতি এপৰলৈ বা আন সময়ত কাপোৰ বওঁ৷ গামোছা, চাদৰ-মেখেলা আদি বিক্ৰী কৰি উপাৰ্জন কৰো। এটা কোঠালীৰ ঘৰটোৰ মাজত বাঁঁহৰ জেওৰাসদৃশ বেৰ এখন দি দুই কোঠালীৰ কৰি লৈ এফালে তাঁতখন পাতি লৈছো। ইফালে আমাৰ দুই পুত্ৰ সন্তানো আছে। সিহঁতৰো পঢ়াৰ বাবদ খৰচ দিব লাগে। ভূ-সম্পদ বুলিবলৈ একমাত্ৰ ঘৰৰ ভেঁটিটোৱেই। তথাপিও মনীষাই বি এ চূড়ান্ত পৰীক্ষা পাছ কৰিলে মেজৰসহ। এই সফলতা আমাৰ বাবে চৰম প্ৰাপ্তি। ইয়াৰ পিছত এম এ কিদৰে, ক’ত পঢ়ুৱাও তাকে ভাৱি কোনো উপায় বিচাৰি পোৱা নাই৷’

এফালে প্ৰবল আৰ্থিক সংকট- অথচ কন্যা সন্তানৰ প্ৰতি প্ৰচুৰ দায়িত্বশীল পিতৃ মাতৃৰ এনে উচ্চাকাংক্ষা এইখন সমাজৰ বাবেই আদৰণীয়।  চৰম অৰ্থাভাৱ, দৈহিক প্ৰত্যাহ্বান – এই সকলো প্ৰতিবন্ধকতা অতিক্ৰমী, উচ্চ শিক্ষাৰ উজ্জ্বল বাটত সবল খোজ দিয়া মনীষাৰ এই সংগ্ৰাম এক অনন্য আদৰ্শ। ‘স্নাতকোত্তৰ মহলা পঢ়িবলৈ প্ৰবল ইচ্ছা আছে, চেষ্টা কৰি আছো আগবাঢ়িবলৈ’ – মনীষাই কৈছিল৷ দৰিদ্ৰতা নেওচি, বহু প্ৰত্যাহ্বান অতিক্ৰমি ধনেশ্বৰ ৰাজবংশী-তৰুলতা ৰাজবংশীয়ে কন্যা সন্তানটিক যি বাটেৰে আগুৱাই নিছে সেয়া এই সমাজৰ বাবে এক অনিন্দ্য সুন্দৰ নিদৰ্শন হিচাপে পৰিগণিত হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply