প্ৰতিনিধিত্বমূলক ফটো

শিৱসাগৰ : শিৱসাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। স্বাস্থ্য বিভাগত কৰ্মৰত এগৰাকী মহিলাই দিখৌ নৈত জাঁপ দি আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। নৈত জাঁপ দি আত্মহত্যা কৰা স্বাস্থ্য বিভাগত কৰ্মৰত মহিলা গৰাকীৰ নাম শিখা শইকীয়া বুলি জানিব পৰা গৈছে।

শিৱসাগৰৰ দিখৌ নৈত জাঁপ দি এগৰাকী মহিলাই আত্মহত্যা কৰাৰ ঘটনাই শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমগুৰি ঘাটত দিখৌ নৈ ওপৰ থকা দলংৰে বৃহস্পতিবাৰে নিশা এগৰাকী মহিলাই নদীত জাঁপ দি আত্মহত্যা কৰে। মহিলা গৰাকী স্বাস্থ্য বিভাগত কৰ্মৰত শিখা শইকীয়া বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

নিশা মহিলা গৰাকীয়ে দলংৰ ওপৰত স্কুটী ৰাখি নদীত জাঁপ দিয়ে। দলংৰ ওপৰত স্কুটী ৰখাই থোৱা প্ৰত্যক্ষ কৰি একাংশ স্থানীয় লোক আৰক্ষীক খবৰ দিয়ে।দলংৰ ওপৰত স্কুটী ৰখাই মহিলা গৰাকী অন্তৰ্ধান হোৱাৰ মহিলা গৰাকীয়ে নৈত জাঁপ দি আত্মহত্যা কৰাৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মহিলা গৰাকী জয়সাগৰৰ নিৱাসী আৰু জয়সাগৰত স্বাস্থ্য বিভাগত কৰ্মৰত আছিল মহিলা গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply