নিউজ ডেস্ক: মহানগীৰৰ শিলসাঁকোত যুদ্ধ সদৃশ পৰিবেশ। শিলসাঁকোৰ উচ্ছেদস্থলীত প্ৰশাসৰ এটা দলে বৃহৎ আৰক্ষী বাহিনীৰ সহযোগত জৰীপ চলাবলৈ উপস্থিত হোৱাৰ পাচতেই বিৰাজ কৰে উত্তেজনাময় পৰিস্থিতিয়ে। শিলসাঁকোৰ উচ্ছেদস্থলীত প্ৰায় ১২০০ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

শনিবাৰে শিলসাঁকোৰ উচ্ছেদস্থলীত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু জিএমডিএ ৰ চাৰি বিষয়াৰ সহিতে এটা বৃহৎ নিৰাপত্তাৰক্ষীৰ দল জৰীপ চলাবলৈ উপস্থিত হয় ।

জৰীপ চলাবলৈ দলটো উপস্থিত হোৱাৰ পাচতে স্থানীয় ৰাইজে বাধা প্ৰদান কৰে আৰক্ষীক ৷ আৰক্ষীৰ এনে সমসজ্জা দেখি স্বাভাৱকতে আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজৰ মাজত।

উল্লেখ্য যে যে কিছুদিন পূর্বে শিলসাঁকোত প্রাশসনে চলাইছিল বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদিতসকলে পুনৰ সংস্থাপনৰ দাবীৰে অব্যাহত ৰাখিছে প্ৰতিবাদ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply