নিউজ ডেস্ক: মাত্ৰ ১১ বছৰ বয়সতে কোটি টকা উপাৰ্জন কৰিছে কণমানি শ্বফাই। ইউটিউবৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে কণমানিগৰাকীয়ে।
২০১৫ চনৰ ২৯ মাৰ্চত ইউটিউবৰ জগতত আত্মপ্ৰকাশ কৰিছিল শ্বফাই। বৰ্তমান তেওঁৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৩৮ মিলিয়নতকৈও অধিক। কণমানি শ্বফাৰ ইউটিউব চেনেলটো তেওঁৰ মাতৃয়ে চোৱা-চিতা কৰে।
জানিব পৰা মতে, শ্বফাৰ ভিডিঅ’ত প্ৰতি ১০০০ ভিউত পোৱা যায় ১.২১ ডলাৰ। যিটো ভাৰতীয় মুদ্ৰাত ১০০ টকা। চলিত বৰ্ষৰ মে’ মাহত শ্বফাই ইউটিউব চেনেলৰ ২ লাখ ডলাৰ উপাৰ্জন কৰিছে।
বিগত সপ্তাহত শ্বফাই ইউটিউবৰ পৰা উপাৰ্জন কৰিছে ৭৭,৪০০ ডলাৰ। যোৱা এমাহত তেওঁৰ উপাৰ্জন ১.২৭ মিলিয়ন ডলাৰ। বিগত ৮ বছৰত তেওঁ ইউটিউবত আপলোড কৰিছে ৯৮৪টা ভিডিঅ’। তাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫০ মিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ ৪১০ কোটিৰো অধিক।