মহানগৰীৰ ফটাশিল আমবাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড, গৃহহীন ১৫০টা পৰিয়াল

যোৱা নিশা মহানগৰীৰ ফটাশিল আমবাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত গৃহহীন হয় প্ৰায় ১৫০টা পৰিয়াল।
১৫টা ছিলিণ্ডাৰ বিষ্ফোৰণৰ ফলত এই ভয়াবহ অগ্নিকাণ্ডৰ সৃষ্টি হৈছিল ফটাশিল আমবাৰীৰ হৰিজন কলনীত।
অগ্নিকাণ্ডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিশায়েই ঘটনাস্থলীত উপস্থিত হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ ওপৰিও মন্ত্ৰীগৰাকীয়ে ভুক্তভুগীৰ সংস্থাপনৰ বাবেও যাৱতীয় নিৰ্দেশনা দিয়ে কৰ্মৰত বিষয়-ববীয়াক।
উল্লেখ্য যে, জুইৰ লেলিহান শিখাই মূহুৰ্তৰ ভিতৰতে আগ্ৰাসী ৰূপ লোৱাত কেৱল প্ৰাণ লৈ গৃহ ত্যাগ কৰিব লগীয়া হৈছিল লোক সকলে। তেনেস্থলত কেৱল পৰিধান কৰি থকা পোছাকযোৰৰ বাহিৰে এতিয়া সকলো জুইত হেৰুৱাই সৰ্বস্ৰান্ত আটাইবোৰ পৰিয়াল।
আনহাতে নিশাৰে পৰাই নিকটৱৰ্তী নিউ ফটাশিল টাউন হাইস্কুলৰ চৌদহত আশ্ৰয় লৈ আছে পৰিয়াল কেইটাই। বৰ্তমানলৈ চৰকাৰৰ তৰফৰ পৰা পুৱাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে যদিও সোমবাৰে বিদ্যালয়ৰ দুৱাৰ পুনৰ শিক্ষাৰ্থী সকলৰ বাবে মুকলি কৰি দিয়াৰ পাছত এই পৰিয়াল কেইটাৰ সংস্থাপন কিদৰে আৰু ক’ত হ’ব সেই সন্দৰ্ভত বৰ্তমানলৈ অনিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply